![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সোমবাৰে ডিফুত এগৰাকী মহিলা কণিষ্ট বলৰ মহানুৱতাৰ বাবে এগৰাকী মহিলাই হেৰুৱা নগধ ধন ঘূৰাই পাইছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি যোৱা ১৩ ডিচেম্বৰত ডিফু লামডিঙ পথৰ এটিএম বুথৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ধনখিনি ৷ আৰক্ষীৰ সূত্ৰটোত উল্লেখ থকা অনুসৰি কোনো মহিলাই ধনখিনি জমা কৰিবলৈ নজনাকৈ সেই এটিএম বুথটোত ১৪,৫০০/- টকা এৰি থৈ গৈছিল ৷ ডিফু থানাৰ মহিলা কণিষ্টবল ৰুমি বৰাই উক্ত ধনখিনি ডিফু থানাত জমা দিয়ে ৷
পৰৱৰ্তী পৰ্যায়ত ডিফু থানাৰ অ’চি জে.এছ. খবুঙে ঘটনা তদন্ত কৰি ধনখিনিৰ প্ৰকৃত গৰাকী ডিফু তাৰালাংচ নিৱাসী ছত্ৰ লামাৰ পত্নী বিমলা তামাঙক হস্তান্তৰ কৰে বুলি জানিব পৰা গৈছে ৷













