![]()
নিউজ ডেস্কঃ
বেঙ্কৰ লকাৰৰ পৰা ৫০০ কোটি মূল্যৰ পান্নাৰ শিৱলিঙ্গ উদ্ধাৰ চিআইডিৰ। এই বিপুল মূল্যৰ শিৱলিঙ্গক কেন্দ্ৰ কৰি হুলস্থুল লাগি পৰিছে চেন্নাইৰ তাঞ্জাভুৰত।
চেন্নাইৰ চিআইডি বিষয়াসকলে গোপন সূত্রৰ পম খেদি তাঞ্জাভুৰৰ এজন ব্যক্তিৰ হাতত থকা এটি প্রাচীন শিৱলিঙ্গৰ সন্ধান পায়। খবৰ লাভ কৰি আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান কে জয়ন্তী মুৰলীয়ে দলে-বলে গৈ আৰুলানন্দনগৰৰ এনএ ছামিয়াপ্পানৰ ঘৰত তালাচী চলায়।
আশী বছৰীয়া ছামিয়াপ্পানক নাপাই তেওঁৰ পুত্ৰ এনএছ অৰুণক সোধপোছ কৰে চিআইডি বিষয়াসকলে। তদন্তকাৰীক অৰুণে জনায় যে তেওঁৰ পিতৃয়ে বেঙ্কৰ লকাৰত এটি শিৱলিঙ্গ থৈ আহিছে। কিন্তু ইয়াতকৈ বেছি একো নাজানে বুলিও জনায় অৰুণে।
ইয়াৰ পিছতেই চিআইডি বিষয়াসকলে স্থানীয় বেঙ্কটোত অভিযান চলায়। তাৰ পৰা উদ্ধাৰ হয় শিবলিঙ্গটি। শিৱলিঙ্গটিৰ বর্তমান বজাৰ মূল্য জানিব পাৰি আচৰিত হৈ পৰে তদন্তকাৰী বিষয়াসকল।
শিৱলিংগটোৰ ওজন মাত্র ৫৩০ গ্রাম। উচ্চতা ৮ চেন্টিমিটাৰ। বর্তমান মূল্য প্রায় ৫০০ কোটি টকা।
অতিৰিক্ত সঞ্চালক প্ৰধানে জনোৱা মতে, শিৱলিঙ্গটি সম্ভবত দক্ষিণ ভাৰতৰেই কোনো মন্দিৰৰ পৰা চুৰি কৰা হৈছে। আশীৰ দশকৰ শেষৰ ফালে বহু কেইটা প্রাচীন মূর্তি চুৰিৰ ঘটনা ঘটিছিল। চুৰি হোৱা মূর্তিবোৰৰ ভিতৰত এই শিৱলিঙ্গটি আছিল নেকি সেয়া তদন্ত কৰা হৈছে।













