![]()
নিউজ ডেস্কঃ
দেশত কৰোনাৰ নতুন প্ৰজাতি ওমিক্রনত আক্রান্ত ১,৫২৫ জন। দেশৰ ভিতৰত সৰ্বাধিক ওমিক্রন আক্রান্তৰ সংখ্যা মহাৰাষ্ট্রত। ৰাজ্যখনত ৪৬০ জন আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ২৭ হাজাৰ ৫৫৩ জন কোভিডত আক্রান্ত হৈছে। মৃত্যু হৈছে ২৮৪ জনৰ। ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে।
ইফালে দেশত ১,৫২৫ জন ওমিক্রন আক্রান্তৰ সুস্থ হৈছে ৫৬০ জন।
মহাৰাষ্ট্রৰ পিছতেই ওমিক্রন আক্রান্তৰ হিচাবত দ্বিতীয় স্থানত আছে দিল্লী। ৰাজধানীত ৩৫১ জন আক্রান্ত হৈছে। ইয়াৰ উপৰি গুজৰাটত ১৩৬, তামিলনাডুত ১১৭, কেৰালাত ১০৯, ৰাজস্থানত ৬৯, তেলেঙ্গানাত ৬৭, কর্নাটকত ৬৪, হাৰিয়ানাত ৬৩, পশ্চিমবঙ্গত ২০, অন্ধ্রপ্রদেশত ১৭ আৰু ওড়িশাত ১৪ জন আক্রান্ত হৈছে।













