![]()
স্বাস্থ্য প্ৰতিবেদনঃ
কৰোনাৰ শেহতীয়া ঢৌত শিশুসকল আক্রান্ত হোৱাৰ আশঙ্কাৰ কথাও শুনা গৈছে। তাৰ পিছতেই বহু পিতৃ-মাতৃয়ে সন্তানসকলক কৰোনা সংক্রমণৰ পৰা বচাবলৈ মাল্টিভিটামিন বা জিঙ্ক টেবলেট খুওৱা আৰম্ভ কৰিছে। ইয়াৰ ফলত ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে৷ কিন্তু শিশুসকলৰ বাবে এই ধৰণৰ ‘ছাপ্লিমেন্ট’ আচলতে নিৰাপদনে? চিকিৎসকে কয়, একেবাৰেই নিৰাপদ নহয়। বিশেষকৈ ৫ বছৰৰ তলৰ বয়সৰ শিশুসকলৰ ডাঙৰ ক্ষতি হ’ব পাৰে এই ধৰণৰ টেবলেট খালে।
কেনে ধৰণৰ বিপদ আমন্ত্ৰণ জনাব পাৰে এই ‘ছাপ্লিমেন্ট’বোৰে?
চিকিৎসকে কয়, শিশুসকলে তেওঁলোকৰ প্রয়োজনীয় ৰোগ প্রতিৰোধ শক্তি যোগাৰ কৰি লয় প্ৰতিদিনৰ খাদ্যৰ পৰাই। পৃথককৈ ভিটামিন খুউওৱাৰ প্ৰয়োজন নহয়। খুৱালে সি আর্থাৰাইটিছ বা হাড়ৰ বিভিন্ন ৰোগহে মাতি আনিব পাৰে। ইয়াৰ উপৰি মুখৰ ঘা, চকুৰ সমস্যা, পেশীৰ বিষে দেখা দিব পাৰে। শিশুসকলৰ বৃদ্ধিও বন্ধ হৈ যাব পাৰে এনে ধৰণৰ মাল্টিভিটামিনৰ কাৰণে।
উপায় কি?
কৰোনাৰ পৰা বাচিবলৈ ৰোগ প্রতিৰোধ শক্তি বঢ়াব লাগিব। কিন্তু তাৰ বাবে মাল্টিভিটামিন নহয়, শিশুসকলক দিব লাগিব সুষম আহাৰ। চিকিৎসকসকলৰ পৰামর্শত তেওঁলোকৰ প্রয়োজনীয় খাদ্য দিব লাগিব নিয়ম মতে। ইয়াৰ বাহিৰে চিকিৎসকসকলে গুৰুত্ব দিছে শিশুসকলৰ খেলা-ধূলাত। সামাজিক দূৰত্ব আৰু স্বাস্থ্যবিধি মানি তেওঁলোকক খেলা-ধূলা কৰিবলৈ দিলে ৰোগ প্রতিৰোধ ক্ষমতা বহুখিনি বাঢ়িব।
২০১১ চনৰ পৰা ২০২১। সুদীৰ্ঘ ১১টা বছৰ। এই এটা যুগ আপোনালোকৰ লগত কটাই বহু শিক্ষা ল’লোঁ, অভিজ্ঞতা হ’ল, সন্মান পালোঁ। তাৰ বাবে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ।
সময় সলনি হয়, লগে লগে সলনি হয় মানুহৰ মনৰ পৰিধি। তাৰ লগত যোগ হয় ইচ্ছা-হাবিয়াস, অভাৱ-অভিযোগ, উত্তৰণ আৰু নতুন কিবা কৰাৰ পৰিকল্পনা। লগতে উপাৰ্জনৰ দিশ, সুনিশ্চিত বৰ্তমান আৰু ভৱিষ্যত।
এই সকলো দিশ চিন্তা কৰিয়েই মই আৰু আপোনালোকৰ লগত প্ৰত্যক্ষ সম্পৰ্কত থাকিব বিচৰা নাই। আপোনালোকৰ সংকট কালত মই সংগ ত্যাগ কৰা বুলি নাভাবিব, বৰং মোৰ কাৰণে যাতে অধিক সংকট নহয় তাৰ বাবেহে।
কাৰণ মোৰ দৈনিক প্ৰয়োজনীয়তা বহুত বাঢ়ি গৈছে আৰু সময়মতে নিশ্চিত উপাৰ্জন মোৰ প্ৰয়োজন। লগতে বৰ্তমান সময়ত আপোনালোকেও কিছু বাস্তৱ চিন্তাৰে পদক্ষেপ আগবঢ়োৱাটো প্ৰয়োজন বুলি ভাবোঁ। তাৰ বাবে ব্যয় সংকোচন নীতি গ্ৰহণ কৰিব লাগে।













