![]()
নিউজ ডেস্কঃ
কোভিডত আক্ৰান্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তেওঁৰ শৰীৰত কোভিডৰ মৃদু উপসর্গ ধৰা পৰিছে। মঙ্গলবাৰে পুৱা টুইট কৰি নিজেই এই কথা জনাইছে। কেজৰিৱালে লিখিছে, ‘মই কোভিড পজিটিভ। মৃদু উপসর্গ আছে। ঘৰতেই কোৱাৰেনটাইনত আছো। যিসকল মোৰ সংস্পর্শলৈ আহিছিল তেওঁলোকলৈ অনুৰোধ, কোভিড পৰীক্ষা কৰাই লওক। কোৱাৰেনটাইনত থাকক।’
উল্লেখ্য, দিল্লীত কোভিড সংক্রমণ তীব্ৰ গতিত বাঢ়িছে। লগতে বাঢ়িছে ওমিক্রন আক্রান্তৰ সংখ্যাও। সংক্রমণৰ পৰিস্থিতি চাই দেওবাৰেই কেজৰিৱালে দিল্লীবাসীক উদ্বিগ্ন হ’বলৈ বাৰণ কৰিছে। মঙ্গলবাৰে ৰাজধানীৰ কোভিড পৰিস্থিতি সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা কমিটিৰে এক পর্যালোচনা বৈঠকত মিলিত হ’ব বুলি সূত্রৰ খবৰ।
সোমবাৰে দিল্লীত কোভিড সংক্রমণৰ হাৰ বা পজিটিভিটি ৰেট আছিল ৬.৪৬ শতাংশ। প্রশাসন সূত্রৰ খবৰ মতে, যদি সংক্রমণৰ হাৰ একেলগে দুদিনৰ বেছি ৫ শতাংশৰ ওপৰত থাকে, তেনেহ’লে চৰকাৰে চূড়ান্ত সতর্কতা আৰু কঠোৰ বাধা-নিষেধ জাৰি কৰিব পাৰে। বর্তমান ৰাজধানীত হালধীয়া সতর্কতা বাহাল আছে।













