ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলঙ জিলাত নতুনকৈ গঠন হ’ল অল হিলছ ট্ৰাইবচ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ নামৰ সংগঠন ৷ আজি সন্ধিয়া ডিফুৰ সমীপৰ বিৰলাস্থিত পেৰেডাইজ ৰেষ্টুৰেণ্টত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷
নৱগঠিত সংগঠনটোৰ সম্পাদক জন টেনডন বে’ ই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি অল হিলছ ট্ৰাইবচ চেম্বাৰ অফ কমাৰ্চ ব্যৱসায় বাণিজ্যৰ লগত বিষয় সমূহ নিৰিক্ষণ কৰাৰ দায়িত্ব লব ৷ জিলাখনত গা কৰি উঠা নথি পত্ৰ বিহীন অবৈধ ব্যৱসায়, ট্ৰেডিং লাইচেন্সবিহীন ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ওপৰত তদন্ত চলাব বুলি মন্তব্য কৰে ৷
লগতে জিলাখনৰ নিবণুৱা যুৱক-যুৱতী সকলৰ বাবে স্কীল ট্ৰেইনিং, ক্ষুদ্ৰ উদ্যোগ আদিৰ বাবে প্ৰশিক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব সংগঠনটোৱে ৷ ইয়াৰোপৰি অবৈধ খননৰ পৰা আৰম্ভ কৰি স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বৃদ্ধি কৰাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিব বুলি সংগঠনটোৰ নেতৃ বৰ্গই জানিব দিয়ে ৷
নৱ গঠিত সংগঠনটোৰ অধ্যক্ষৰ দায়িত্বত আছে বিৰ্তন টেৰণ, সম্পাদকৰ দায়িত্বত আছে জন টেনডন বে, বিত্ত সম্পাদক ৰাংচিনা বে, কাযালয় সম্পাদক লংচিং টেৰণকে ধৰি আন কেইবাগৰাকী সদস্য ৷ নৱগঠিত সংগঠনটোৰ নেতৃবৰ্গই ব্যৱসায়ী সকলক সংগঠনটোৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ৷