স্বাস্থ্য প্ৰতিবেদন:
শীতকালত পকা বিলাহীৰ সলনি বহুতে পছন্দ কৰে কেঁচা বিলাহী। কিন্তু জানেনে এই কেঁচা বিলাহীৰ গুণগুণ? স্বাস্থ্যৰক্ষাত কেঁচা বিলাহীৰ ভূমিকা চাওক :
১) ২৪০ গ্রাম কেঁচা বিলাহীত আছে ১৫ মাইক্রোগ্রাম ভিটামিন কে আৰু ৪৫ মিলিগ্রাম ফছফেট। এই দুটি উপাদানে বাতবিষ আৰু শীতকালত হাড় ক্ষয় ৰোধ কৰাত কার্যকৰী ভূমিকা পালন কৰে।
২) ভিটাভিন চি আৰু ই সমৃদ্ধ কেঁচা বিলাহীয়ে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা গঢ়ি তোলে। দাঁত আৰু ছালৰ বাবে যথেষ্ট উপকাৰী সেউজীয়া বিলাহী।
৩) কেঁচা বিৱাহীত থকা কিউমেৰিক আৰু ক্লোৰোজেনিক এচিড কাৰ্চিনোজৰ প্রভাৱৰ পৰা শৰীৰক ৰক্ষা কৰে। ইয়াৰ উপৰি কেন্সাৰত আক্রান্ত হোৱাৰ আশঙ্কাও কিছু কমে।
৪) বিলাহীত থকা লাইকোপিন নামৰ এন্টিঅক্সিডেণ্টে হৃদ্যন্ত্রক ভালে ৰাখে। ছাল ভালে ৰাখে। ইয়াৰ উপৰি লাইকোপেনে প্রষ্টেট বা পেটৰ কেন্সাৰ ৰোধতো বিশেষ ভূমিকা পালন কৰে।
৫) কেঁচা বিলাহীত থকা ভিটামিন বি আৰু পটাচিয়ামে শৰীৰত কলেষ্টেৰল মাত্রাক নিয়ন্ত্রণত ৰখাৰ লগতে ৰক্তচাপকো স্বাভাৱিক ৰখাত বিশেষ ভূমিকা পালন কৰে।