স্বাস্থ্য প্ৰতিবেদন:
আজি মাঘ বিহু। উৰুকাৰ নিশা ভোজ-ভাত খাই পুৱা মেজি জ্বলাই আহি কণী খোৱাটো পৰম্পৰা। কণীৰ গুণাৱলীৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আহক এবাৰ জানি লওঁ কণীৰ বিষয়ে কিছু অজান কথা।
* কলম্বাছে ১৪৯৩ চনত আমেৰিকাত ভাল প্ৰজাতিৰ মুৰ্গীৰ সঁচ মেলিছিল বুলি জনা যায়৷ বৰ্তমান বিশ্বত ২০০বিধ কুকুৰাৰ প্ৰজাতি আছে৷ তাৰে সৰ্বোত্তমবিধ পক্ষীয়ে বছৰত ২৫০ৰ পৰা ২৮০টা কণী পাৰে৷
* ১৭ শতিকাত ফ্ৰান্সত কণী আৰু ফলৰ ৰসৰ মিশ্ৰণ এটা সময়ত জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল৷ * ১৯ শতিকাৰ পৰা কণীৰ ঔদ্যোগীকৰণ আৰম্ভ হয়৷
* বিশ্বত শীৰ্ষস্থানত থকা কণী উৎপাদনকাৰী দেশকেইখন হ’ল- চীন, আমেৰিকা, ভাৰত, জাপান আৰু ৰাচিয়া৷
* বিজ্ঞানীসকলে কণীৰ গুণাগুণ সম্পৰ্কে নিৰন্তৰ গৱেষণা চলাই আহিছে আৰু নানান তথ্য অৱগত কৰি কণীৰ বিষয়ে সামাজিক সচেতনতা বৃদ্ধি কৰিছে৷
* কণীৰ বাহিৰৰ গোটা অংশটো অৰ্থাৎ খোলাটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ খোলা বেছি ডাঠ৷ গতিকে তুলনামূলকভাবে হাঁহৰ কণীৰ ভালে থকাৰ ম্যাদ বেছি৷
* কণীৰ জুলীয়া বগা অংশটোৰ ৯০ শতাংশ হ’ল পানী৷ এই জুলীয়াখিনি হ’ল ৰাসায়নিকভাবে এলকেলাইন৷ বাকী ১০শতাংশ প্ৰ’টিন হ’ল এটা কণীত থকা মুঠ প্ৰ’টিনৰ অৰ্ধেক।
* কণীত ৪০বিধ ভিন্ন ধৰণৰ প্ৰ’টিন থাকে৷ কণীৰ এই প্ৰ’টিন হজম হ’বলৈ সময় লাগে৷ সেয়ে কণী খোৱাৰ পিছত আমাৰ উদৰ বেচ কিছু সময়লৈ পূৰ হৈ থকা যেন লাগে৷ গতিকে কণীয়ে আমাক অতি-ভোজনৰ (overeating) পৰা ৰক্ষা কৰে৷
* কণীৰ এই বগা অংশত ফেট মুঠেই নাথাকে৷ কাৰ্বোহাইড্ৰেট থাকে এক শতাংশৰো কম ৷ এটা ৫০ গ্ৰামৰ কণীত এই বগা এলবুমিন অংশৰ ওজন হ’ব ৩৩ গ্ৰাম৷
* এটা ৫০ গ্ৰামৰ কণীৰ হালধীয়া অংশটোৰ (কুহুমৰ) ওজন হ’ব ১৭ গ্ৰাম ৷ কণীৰ কুহুমৰ হালধীয়া বা ৰঙচুৱা বৰণটো লেচেথিন, জিয়াজেনথিন নাইবা জেনথোফাইলিন নামৰ তত্বৰ বাবে হয়৷ এই লেচিথিন নানাবিধ কছমেটিকত ব্যৱহৃত হয়৷
* কুহুমত থাকে ফেট, কলেষ্টৰ’ল আৰু ফেট চলিবল ভিটামিনসমূহ (ডি, ই, কে, এ)৷ এটা কণীত থকা ৮০ কেল’ৰিৰ ৬০ কেল’ৰি আহে কুহুমৰ পৰা আৰু ২০ কেল’ৰি আহে এলবুমিন অংশৰ পৰা৷