স্বাস্থ্য প্ৰতিবেদন:
গড়ে প্রতি চাৰিজন ২৫ বছৰৰ অধিক বয়সৰ লোকৰ ভিতৰত এজন আক্রান্ত হয় ষ্ট্ৰোকত। প্রতি বছৰে বিশ্বজুৰি অগণন লোকৰ প্রাণ যায় এই মাৰণ ৰোগত। তথাপিও সচেতনতাৰ অভাৱ মানুহৰ মাজত।
১। অনিয়ন্ত্রিত খাদ্যাভ্যাস
স্বাস্থ্যকৰ খাদ্যাভ্যাসে আশী শতাংশ কমাব পাৰে ষ্ট্ৰোকৰ সম্ভাৱনা। অতিৰিক্ত নিমখ, চেনি আৰু স্নেহপদার্থযুক্ত খাদ্যই বৃদ্ধি কৰে ষ্ট্ৰোকৰ আশঙ্কা। অনিয়ন্ত্রিত ৰক্তচাপ আৰু কোলেষ্টেৰলে আমন্ত্ৰণ জনাব পাৰে ডাঙৰ বিপদ। বিপদাশংকা থকাসকলে কণীৰ কুহুম আৰু মাংস খোৱাটো এৰি দিব পাৰে।
২। অলসতা
শৰীৰচর্চাৰ অভাৱ আৰু গোটেই দিন শুই-বহি থকাটোৱে মাতি আনে এই ৰোগ। অলস জীৱন-যাপনত বাঢ়ে ওজন, কমে পেশী আৰু হাড়ৰ সক্ষমতা। বিপাক হাৰতো ইয়াৰ নেতিবাচক প্রভাৱ পৰে।
৩। ধূমপান
ধূমপানৰ ফলত শৰীৰত অসংখ্য ক্ষতিকৰ পদার্থ প্রবেশ কৰে। আনকি, পৰোক্ষ ধূমপানতো প্রবল ক্ষতি হয় শৰীৰৰ। ৰক্তত অক্সিজেনৰ মাত্রা কমি যায়। ফলত হাওঁফাওঁৰ লগতে ক্ষতি হয় সংবহনতন্ত্রৰো।
৪। মদ্যপান
অতিৰিক্ত মদ্যপান অনিয়ন্ত্রিত ৰক্তচাপৰ অন্যতম কাৰণ। এলকহলে শিৰা আৰু ধমনীৰ স্থিতিস্থাপকতাক মাৰাত্মকভাবে প্রভাৱিত কৰিব পাৰে। যিটো ষ্ট্ৰোকৰ অন্যতম প্রধান কাৰণ।