স্বাস্থ্য প্ৰতিবেদন:
কম বয়সতে মুখত বলিৰেখা দেখা দিয়াৰ সমস্যা নতুন নহয়। কিন্তু তাৰ সমাধান পোৱাটো কঠিন। দিনে দিনে যিমানে জীৱন-যাপনৰ ধাৰা বসলনি হৈছে, সিমানেই তাৰ প্রভাব পৰিছে ছাল, চুলিৰ ওপৰত। তাতে আকৌ শীতকাল। প্ৰদূষণৰ সমস্যাও বাঢ়ে।
এই সময়ত ছালৰ ওপৰত তাৰ প্রভাব পৰে। সকলো মিলাই ছাল যেনেদৰে শুষ্ক হৈ যায়, তেনেদৰে নানা ধৰণৰ দাগ, বলিৰেখাই দেখা দিয়াৰ প্রবণতাও বাঢ়ি যায়।
কিন্তু কেনেদৰে নিয়ন্ত্রণ কৰিব বলিৰেখা? কেনেদৰে ছালৰ যত্ন ল’ব?
বিভিন্ন ধৰণৰ ক্রিমতো আছেই, কিন্তু ঘৰুৱা এটি উপাদানে ছালৰ যথেষ্ট যত্ন ৰাখিব পাৰে। কিন্তু কি সেই উপাদান? সাধাৰণ নাৰিকল তেলতে আছে তাৰ সমাধান।
ছালৰ উপকাৰৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব নাৰিকল তেল?
১) নাৰিকল তেল ব্যৱহাৰ কৰিব পৰা যায় সাধাৰণ ক্রিমৰ দৰেই। যিসময়ত ক্রিম মুখত সানে, তেতিয়া ক্রিম নাসানি নাৰিকল তেল সানিব পাৰে। কিন্তু সনাৰ আগতে ভালদৰে মুখ ধুই পৰিষ্কাৰ কৰি ল’ব লাগিব।
২) মেক আপ উঠোৱাৰ সময়তো ব্যৱহাৰ কৰিব পাৰে নাৰিকল তেল। অলপ তুলাত সামান্য নাৰিকল তেল সানি তাৰে মুখ মচি লওক। সোনকালে মেক আপ উঠিব, ছালেও পুষ্টি পাব।
৩) গ্লিচাৰিন আৰু নাৰিকল তেল মিহলাই ফেচিয়েল মিষ্ট বনাই ল’ব পাৰে। মুখ ধোৱাৰ পিছত আলতীয়াভাবে সেয়া মুখত সানিব পাৰে। বলিৰেখাৰ সমস্যাতো যাবই, ছাল শুকাই যোৱা বা গাল ফটাৰ দৰে সমস্যাও কমিব।