![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দেশজুৰি অব্যাহত থকা কৰোণা মহামাৰীৰ প্ৰভাৱৰ বাবে পিছুৱালে ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷ সমগ্ৰ দেশজুৰি অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰায়বোৰ ক্ষেত্ৰতেই আছে কৰোণাকালীন বাধা-নিষেধ ৷ ৰাজ্যতো চৰকীৰে এছঅ’পি নৈশ সান্ধ্য আইন উপৰি অনান্য বহু বাধ্য বাধকতা আৰোপ কৰা দেখা গৈছে ৷ এনে কাৰণত কিছু পৰিমানে হ’লেও সাধাৰণ জীৱন-যাত্ৰা কিছু পৰিমানে হ’লেও বাধাগ্ৰস্থ হৈছে ৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী অথৱা ব্যক্তিগত অনুষ্ঠান আদি আয়োজন কৰাৰ ক্ষেত্ৰতো আয়োজক সমিতিৰ বাধাৰ সন্মূখীন হ’বলগীয়া হৈছে ৷ কাৰবি আংলঙৰ ডিফুৰ সমীপৰ তাৰালাংছৰ কাৰবি পিপুলছ হলত প্ৰতি বছৰৰ ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈ আহিছে হেঁপাহৰ কাৰবি যুৱ মহোৎসৱ ৷ কেৱল উত্তৰ-পুৱ ভাৰতৰে নহয় সমগ্ৰ দেশৰ বাবে লেখত ল’বলগীয়া যুৱ মহোৎসৱে গৰকিছে ৪৮টাকৈ গৌৰৱোজ্জল বৰ্ষ ৷ মহোৎসৱটি এইবাৰো আয়োজন কৰিবলৈ আয়োজক সমিতিয়ে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল ৷
শেহতীয়াকৈ ক’ভিড পৰিস্থিতি বহু পৰিমাণে উন্নত হৈছে যদিও চৰকাৰী বাধা নিষেধ বৰ্তমানেও আৰোপ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহোৎসৱটি আয়োজন কৰিবলৈ গৈ থমকি ৰবলগীয়া হৈছে আয়োজক কাৰবি কালচাৰেল ছ’চাইটি ৷ আজি তাৰালাংচৰ কাৰবি পিপুলছ হলত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা উল্লেখ কৰে কেছিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৷
সভাপতিগৰাকীয়ে জানিব দিয়া অনুসৰি বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে প্ৰতি বছৰে মহোৎসৱ আয়োজন কৰা নিৰ্দিষ্ট সময়ত এইবাৰ মহোৎসৱটি অনুষ্ঠিত কৰিব পৰা নাযাব ৷ চৰকাৰী বাধা-নিষেধ অব্যাহত থকা বাবেই কেচিএছে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি পৰিস্থিতি উন্নত হ’লে অহা ১ৰ পৰা ৫ মাৰ্চলৈকে মহোৎসৱটি আয়োজন কৰা হ’ব বুলি জানিব দিয়ে৷ আজিৰ সংবাদমেলত স্থানীয় বিধায়ক তথা মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিদ্যাছিং ইংলেঙৰ উপৰি অনান্যসকল উপস্থিত থাকে৷












