![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : হোজাই-ডিমা হাছাও আৰু কাৰবি আংলং সীমান্তঞ্চলৰ খাঙাৰ বস্তিৰ সমীপৱৰ্তী কাঙআৰ বস্তিত কাৰবি পৰাম্পৰাগত পূজা ‘ৰংকেৰ পূজা” সম্পন্ন কৰা হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি দিনজোৰা কাৰ্যসূচীৰে কাঙআৰ বস্তিৰ প্ৰায় তিনিশতাধিক লোকে কাৰবি পৰাম্পৰাগত বিধি আৰু প্ৰথাৰে ৰংকেৰ পূজা সম্পন্ন কৰে ৷ পূজাস্থলীত ৯টাকৈ থানত কাৰবি পূজাৰীসকলে পূজা দিয়ে ৷ কাঙআৰ বস্তি ৰংকেৰ পূজা উদযাপন সমিতিৰ সভাপতি, প্ৰাক্তন সম্পাদক গাঁৱৰ মুখীয়াসকলে ক্ৰমে, লৰেন্স ক্ৰ’, মোহন টেৰণ আৰু শিব টেৰণে কয় বিগত ৯ বছৰ ধৰি সীমান্তঞ্চলৰ উক্ত গাঁওখনত কাৰবি পৰাম্পৰাগত ৰংকেজ পূজা কৰি অহা হৈছে ৷ গাওঁখনৰ অপাদেৱতাক সন্তুষ্ট কৰাৰ লগতে গাঁওখনৰ শান্তি বাহাল ৰখাৰ লগতে যতলো ধৰণৰ অপায় অমংগল দূৰীকৰণৰ বাবে পূজা কৰা হয় ৷
এইবাৰ পূজা ভাল হৈছে গতিকে বছৰটোত গাঁওখনত কোনো বিপত্তি নাহে বুলিও মন্তব্য কৰে ৷ শেহত সকলোৱে মিলি পূজাৰ প্ৰসাদ গ্ৰহণ কৰে৷












