![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সুত্ৰৰ পম খেদি ডবকা আৰক্ষীয়ে জব্দ কৰে ২০ হাজাৰটা নিচাজাতীয় টেবলেট৷
প্ৰতিটো টেবলেটৰ মূল্য প্ৰায় এহেজাৰ টকা৷ টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় দুই কোটিৰো অধিক বুলি জানিব পৰা গৈছে৷ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নৈশ বাছৰ পৰা জব্দ টেবলেটখিনি৷ নৈশ বাছখনৰ নম্বৰ AR 20 6300।
আৰক্ষীয়ে তিনিজন নিচাজাতীয় টেবলেট সৰবৰাহকাৰীক আটক কৰে৷ ধৃত লোককেইজন ক্ৰমে জীৱন মিথাই, আলীম উদ্দিন আৰু আব্দুৰ ৰহমান৷ তিনিজনৰ ঘৰ মণিপুৰত৷












