![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৮০ পৌৰ নিগমৰ নিৰ্বাচনৰ ৯২১টা ৱাৰ্ডতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছে৷ ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৭গৰাকী জ্যেষ্ঠ নেতাক তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰিছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ৷
তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি আৰু শিৱসাগৰ জিলাৰ পৌৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ দলীয় মনোনয়ন প্ৰদান প্ৰক্ৰিয়া তদাৰক কৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷
যোৰহাট আৰু গোলাঘাটৰ দায়িত্বত থাকিব কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী৷ আনহাতে, মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে ৰকিবুল হুছেইনক৷
একেদৰে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাবে কমলাক্ষ দে’ পুৰকায়স্থ, বৰপেটা, বঙাইগাঁও, ধুবুৰী, উত্তৰ শালমৰা আৰু বজালীৰ বাবে জাকিৰ হুছেইন শিকদাৰক দায়িত্ব দিয়া হৈছে ৷
দলৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাক গোৱালপাৰা, নলবাৰী আৰু কামৰূপ (গ্ৰাম্য), অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু কামৰূপ (ম)ৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷













