![]()
অজন্তা তালুকদাৰ
বোকাখাত : আজি বোকাখাতৰ মহকুমাধিপতি ডা: নেহা যাদৱ, ভা.প্ৰ.সে.ৰ দ্বাৰা মহকুমাধিপতি কাৰ্যালয়ত আগন্তক পৌৰসভা নিৰ্বাচনৰ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰা হয়। বোকাখাত পৌৰসভা, ১নং ৱাৰ্ডৰ পৰা ১০নং ৱাৰ্ডৰ ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰ হৈছে ১৪৯৮৭। তাৰেই ৮১৩২ জন পুৰুষ ভোটাৰ আৰু ৬৮৫৫ গৰাকী মহিলা ভোটাৰ। বোকাখাত পৌৰসভা নিৰ্বাচনৰ বাবে ২১টা ভোট কেন্দ্ৰ স্থাপন কৰা হ’ব, ইয়াৰে ১৭টা ভোট কেন্দ্ৰ চৰকাৰী ভৱনত আৰু ৪টা ভোট কেন্দ্ৰ ব্যক্তিগত ভৱনত স্থাপন কৰা হ’ব। এই নিৰ্বাচনৰ বাবে মুঠ ৪০টা ই.ভি.এম (Electronic Voting Machine) আৱণ্টিত কৰা হ’ব।













