![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
গ্ৰেপ্তাৰ হ’ব পাৰে বিতৰ্কিত লেখিকা শিখা শৰ্মা। ডবকা থানাত গোচৰ ৰুজু শিখা শৰ্মাৰ বিৰুদ্ধে ৷ হিমন্ত বিশ্ব শৰ্মাকলৈ অমাৰ্জিত মন্তব্য শিখা শৰ্মাৰ।
যোৱা কালি যমুনামুখৰ চাংমাজিত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাক লৈ অমাৰ্জিত মন্তব্য কৰাৰ পাছত জাঙুৰ খাই উঠিল হোজাইৰ বিজেপি কৰ্মী। বিজেপি কৰ্মী হিমাদ্ৰী চক্ৰৱৰ্তীয়ে ডবকা থানাত দাখিল কৰিছে এজাহাৰ ৷ শিখা শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী তুলিছে বিজেপি হিমাদ্ৰী চক্ৰৱৰ্তীয়ে কেৱল গ্ৰেপ্তাৰেই নহয়, শিখা শৰ্মাই অসমবাসীৰ ওচৰত ক্ষমা খুজাৰো দাবী জনাইছে বিজেপি কৰ্মীজনে ৷
উল্লেখ্য যে, দেওবাৰে ডবকাৰ চাংমাজীলৈ আহিছিল শিখা শৰ্মা ৷ চাংমাজীত উপস্থিত হৈ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল শিখা শৰ্মাই ৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ অমাৰ্জিত ভাষাও প্ৰয়োগ কৰিছিল শিখা শৰ্মাই ৷ মুখ্যমন্ত্ৰীকলৈ এনে মন্তব্য কৰাৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ হৈছে৷ হোজাই অধিবক্তা অমৰজ্যোতি শইকীয়াও ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে ৷ সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে সোমবাৰে পুৱা শিখা শৰ্মাৰ বিৰুদ্ধে ডবকা থানাত এজাহাৰ দাখিল কৰে হিমাদ্ৰী চক্ৰৱৰ্তীয়ে ৷
এতিয়া প্ৰশ্ন হয় হিমাদ্ৰীৰ এজাহাৰৰ পাছত গ্ৰেপ্তাৰ হ’ব নেকি শিখা শৰ্মা?












