![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মাজুলী উপ-নিৰ্বাচনৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিলত অংশগ্ৰহণ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা। চিত্ৰৰঞ্জন বসুমতাৰী মনোনয়ন দাখিলত অংশলৈ বৰাই বিজেপিক তীক্ষ্ণ সমালোচনা কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী নথকা বাবে এজেপিক মাজুলী সমষ্টি এৰি দিয়া বুলি বিজেপিয়ে চলোৱা অভিযোগ কটাক্ষক কৰি কয়- কংগ্ৰেছ-বিজেপি শ্ৰুতলিপিত চলা বিৰোধী দল নহয়। পাঁচমাহৰ পূৰ্বে মাজুলী অসম জাতীয় পৰিষদক এৰি দিছোঁ বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ বাবে।
‘মাজুলী নিৰ্বাচন বিজেপি বিৰুদ্ধেই নহয়, জাত-পাত ধৰ্মীয়মেৰুকৰণ, ভুৱা প্ৰতিশ্ৰুতি বিৰুদ্ধে যুঁজ। সময়ৰ আহ্বান মৰ্মে বিৰোধীয়ে ঐক্যবদ্ধ হৈ উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰিছোঁ। মাজুলী ব্লক, মণ্ডল, জিলাত কংগ্রেছৰ সমৰ্থকক এজেপিৰ প্ৰাৰ্থীজনক ভোট দিবলৈ আহ্বান জনাইছোঁ।কংগ্ৰেছে মাজুলীত এজেপিক ১০০শতাংশ সহায় কৰিব’- বৰাই কয়।
আনহাতে এজেপি প্ৰাৰ্থী গৰাকী চালানী বুলি বিজেপি দলে চলোৱা প্ৰচাৰক উভতি ধৰি কংগ্ৰেছৰ সভাপতি বৰাই কয়- সৰ্বানন্দ সোণোৱাল মাজুলীলৈ আহিছিল।চিলাপথাৰৰ পৰা বিহপুৰীয়ালৈ অমিয় ভূঞা গৈছে।তেতিয়া বিজেপি দলে কিয় এই কথা কোৱা নাছিল।আচলতে বিজেপিয়ে হিন্দু-মুছলমানৰ মাজত বিভাজন সৃষ্টি লগতে জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে। বড়ো-অবড়ো, কাৰ্বি-অনাকাৰ্বি, মিছিং-অনা মিছিঙৰ মাজত যুঁজাব বিচাৰিছে।বিজেপি ভাতৃ ঘাটিৰ সংঘৰ্ষৰ ষড়যন্ত্ৰক মাজুলীবাসীয়ে প্ৰতিহত কৰিব।













