![]()
ছাইদুল ইছলাম
ডিফু : সুদীৰ্ঘ চল্লিছ বছৰ পিছত পাহাৰীয়া জিলা কাৰবি আংলঙৰ বোকাজানৰ দুগৰাকী ধৰ্ষিতাই ন্যায় লাভ কৰিলে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ কৰ্দৈগুৰিত সংঘটিতহোৱা এক গণধৰ্ষণৰ ঘটনাত দোষী সাব্যস্ত হোৱা তিনি অভিযুক্ত আজি ডিফু ন্যায়িক আদালতে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ ডিফুস্থিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহ উল হাছান আনচাৰীৰ আদালতে তিনি অভিযুক্ত ক্ৰমে, ভদ ওৰাং, তমু ওৰাং আৰু নিৰঞ্জন কৰ্মকাৰক দহ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে বিশ হাজাৰকৈ টকাৰ জৰিমনা বিহে ৷ জৰিমনা আদায় দিয়াত ব্যৰ্থ হ’লে দোষীয়ে অতিৰিক্তভাবে আৰু তিনিমাহৰ বাবে কাৰাবাস থাটিব লাগিব৷
উল্লেখযোগ্য যে অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে জানিবলৈ দিয়া অনুসৰি ১৯৮২ ডিচেম্বৰ মাহত বোকাজান থানা এলেকাৰ কৰ্দৈগুৰী পথাৰত ঘটনাৰ ভুক্তভোগী কিশোৰীদ্বয়ে পৰিয়ালৰ সৈতে ধান দাই থকা অৱস্থাত কেইবাজনীয়া এটা দুৰ্বৃত্তৰ দলে পৰিয়ালটোক মাৰপিট কৰাৰ লগতে দুই কিশোৰীক অপহৰণ কৰি নি বালাৎকাৰ কৰে ৷ ইয়াৰে এগৰাকী কিশোৰীয়ে উক্ত দিনাই পুৱতি নিশা দুৰ্বৃত্তৰ দলটোৰ কৱলৰ পৰা পলাই সাৰি গৈ আৰক্ষীৰ আশ্ৰয় লোৱাৰ বিপৰীতে আন গৰাকী কিশোৰক কেইবাদিনৰ পিছত উদ্ধাৰ কৰা হয় ৷ তেতিয়াৰ পৰা সুদীৰ্ঘ দিন ধৰি বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ পিছত আজি আদালতে আজি এই ঐতিহাসিক ৰায়দান দিয়ে ৷












