![]()
ছাইদুল ইছলাম
ডিফু : ১৯৬ বছৰ আগতে ২৪ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামে ঠাইত সম্পাদিত হৈছিল ইয়াণ্ডাবু সন্ধি। ইয়াণ্ডাবু সন্ধিৰ পিছতেই বৃটিছে অবৈধভাবে অসম দেশ দখল কৰিছিল। অসম দেশে স্বাধীনতা হেৰুৱাৰ ১৯৬ বছৰ পূৰ্ণ হোৱা উপলক্ষে আজি অসম সন্মিলিত মহাসংঘই কাৰ্বি আংলং জিলাৰ মাঞ্জাত কুকী নেচনেল এচেম্বলীৰ উদ্যোগত কুকী, ডিমাছা, কাৰ্বি, ৰেংমা জনগোষ্ঠীৰ সহযোগত “খিলঞ্জীয়াৰ ক’লা দিৱস” পালন কৰে ।
কুকী নেচনেল এচেম্বলীৰ সভাপতি টংথাং টৌথাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে দিয়া ভাষণত এএছবিচিৰ সভাপতি চন্দ্ৰকান্ত টেৰাঙে কয় যে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত একতা নথকাৰ বাবেই খিলঞ্জীয়াসকলে অধিকাৰ প্ৰতিষ্ঠা কৰিব পৰা নাই । খিলঞ্জীয়াসকলক দৃঢ়তাৰে ঐক্যৰ দিশত কাম কৰিবলৈ অনুৰোধ জনায় । সভাত মুখ্য বক্তা ৰূপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ইয়াণ্ডাবু সন্ধিৰ ২নং অনুচ্ছেদৰ কথা উল্লেখ কৰি ইয়াণ্ডাবু সন্ধি সম্পাদিত হোৱাৰ দিনাই অসম, কাছাৰ আৰু জয়ন্তীয়া দেশে স্বাধীনতা ঘূৰাই পাইছিল বুলি উল্লেখ কৰি বৃটিছে অবৈধভাবে অসম দেশ দখল কৰিছিল বুলি কয়। ইয়াণ্ডাবু সন্ধিৰ পিছতেই বৃটিছে নিজৰ স্বাৰ্থত আৰম্ভ কৰা বিদেশীৰ প্ৰব্ৰজন সম্পৰ্কে পূৰ্বপুৰুষে কোনো আলোচনা নকৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা ৰূপে অভিহিত কৰে ।
সভাত বিশেষ অতিথিৰূপে হিলছ ট্ৰাইবেল লীগৰ সভাপতি ছয়চিং ৰংপী আৰু আমন্ত্ৰিত অতিথি ৰূপে ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ডিফুছা, কাৰ্বি ছাত্ৰ সংগঠনৰ সভাপতি ছেমচন টেৰণ আৰু কুকী নেচনেল এচেম্বলীৰ উপদেষ্টা ৰেভাৰেণ্ড এছ চিংছন আদিয়ে খিলঞ্জীয়াৰ ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মহাসংঘক হাতে-কামে সহযোগিতা কৰিবলৈ অনুৰোধ জনায়। পুৱা ক’লা পতাকা উত্তোলন কৰে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আৰু ক’লা বেজ পৰিধান কৰা কাৰ্যসূচী পৰিচালনা কৰে মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভাই। সভাই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসমত কাৰ্যকৰী কৰিবলৈ দাবী জনায় আৰু দেশৰ সংবিধান অনুসৰি ১৯৫১ ভিত্তি বছৰৰ ভিত্তিত বিদেশী সমস্যাৰ সমাধান কৰিবলৈও দাবী জনায় ।












