![]()
ছাইদুল ইছলাম
ডিফু : অসম-নাগালেণ্ড সীমান্ত এলেকাত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই থকাৰ পিছতো চতুৰ ড্ৰাগছ সৰবৰাহকাৰী নিতৌ ন-ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷ পূৰ্বে ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে ৰাষ্ট্ৰীয়ঘাই পথসমূহ ব্যৱহাৰ কৰা হৈছিল যদিও আজি আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে সৰবৰাহকাৰীয়ে ধনশিৰি নদীৰে নিষিদ্ধ ড্ৰাগছসমূহ সৰবৰাহ কৰাৰ অৱস্থাত আৰক্ষীৰ তালাচী অভিযানত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় দুটা সৰবৰাহকাৰী ৷
এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানাৰ অ’চি মৌবলিক ব্ৰক্ষ্ম, উপপৰিদৰ্শক বিপ্লৱ দাসৰ সহযোগত, আৰক্ষী চিআৰপিএফৰ কামাণ্ডো বাহিনীৰ এটা যুটীয়া বাহিনীয়ে বোকাজান থানাৰ অন্তৰ্গত ঘঁৰিডুবিত অভিযান চলাওতে ধনশিৰি নদী পাৰহৈ এটা বস্তাত ভৰাই নি থকা অৱস্থাত ৮৫ টা চাবোনৰ বাকচত ১০৪০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷
এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুটা সৰবৰাহকাৰী ক্ৰমে, ডিমাপুৰ ইষ্টৰ ছজুখু নিৱাসী ভিকাট’য়াপথমি (২১) আৰু কুচিয়াবিল নিৱাসী হিট’হ’ চুমি (৩৪) চিনাক্ত কৰা হৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷












