![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ মাঞ্জাত এক লোমহৰ্ষক হত্যা কাণ্ডৰ বাতৰি পোহৰলৈ আহিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি কাৰবি আংলং জিলাৰ মানজা হিদিম তেৰাং গাঁৱত এটা বিড়িৰ বাবে এজন লোকক হত্যা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি ২৩ ফেব্ৰুৱাৰীত মাঞ্জাৰ হিদিম তেৰাং গাঁৱৰ এখন বিয়াঘৰত পিটলি গঁড় ওৰফে জংগলী সিঙে মণিধন মেইছেই নামৰ এজন ৪৫ বছৰীয়া লোকক এটা বিড়ি খোজে ৷ সৰু ল’ৰা হৈ কিয় বিড়ি খুজিছ বুলি কৈ পিটলী গঁড়ক এটা চৰ মাৰি দিয়ে ৷ চৰ মাৰি দিয়াটোৱেই কাল হ’ল মনিধন মেইথেইৰ বাবে ৷
পিটলি গঁড়ে তাৰ লগৰ আন চাৰিজন লগৰীয়া ক্ৰমে- সঞ্জীত টেৰণ, সন্তোষ সিং, চলিদ ইংতি আৰু পিতলি গৌৰে মণিধন নামৰ লোকজনক ওচৰৰ চন্দ্ৰ তিমুঙৰ ৰবৰ বুধবাৰে পুৱতি নিশা ১-৩০ মান বজাত বাগানত মাতি নি দলবদ্ধভাৱে লাঠিৰে মৰিয়াই মৰিয়াই মৰিয়াই হত্যা কৰে ৷ ঘটনাৰ খবৰ লাভ কৰি মাঞ্জা থানাৰ অ’চি মঞ্জু গগৈৰ নেতৃত এটা আৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা মনিধন মেইথেৰ নিঠৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডত জড়িত ৫ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে এটা অভিযুক্ত নাবালক ৷
আজি দণ্ডাধীশৰ উপস্থিতিত মাঞ্জা আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাত ব্যৱহৃত লাঠি জব্দ কৰে ৷ অভিযুক্ত কেইটাই দণ্ডাধীশৰ সন্মুখতে উক্ত লোমহৰ্ষক হত্যা কাণ্ডৰ কথা নিজে স্বীকাৰ কৰে ৷
এটা বিড়িৰ বাবে জিলাখনত সংঘটিত হোৱা এনে নৃশংস হত্যাকাণ্ডক সচেতন মহলে ধিক্কাৰ দিয়াৰ লগতে দোষীৰ উপযুক্ত শাস্তিৰ দাবী কৰে ৷












