![]()
ছাইদুল ইছলাম
ডিফু : কাৰ্বিআংলং জিলাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত লংখ্ৰাং গাঁৱত যোৱা দুদিন পূৰ্বে নিজ পত্নীক ডিঙি কাটি হত্যা কৰা স্বামী কৃষ্ণা ৰাজগড় নামৰ লোকজনৰ আজি পুৱা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে, লোকজনে ২৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে সন্ধিয়া নিজ পত্নীক দাৰে ডিঙিত ঘপিয়াই হত্যা কৰি ঘৰৰ পৰা পলায়ন কৰিছিল। ইয়াৰ পিছতে হত্যাকাৰী স্বামীক বিচাৰি
খটখটি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল। কিন্তু আজি পুৱা কৃষ্ণা ৰাজগড় নামৰ লোকজনে একে গাঁৱৰে এজন লোকৰ ভঁৰালত ডিঙিত চিপজৰী লৈ ওলমি থকা অৱস্থাত খটখটি আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
সত্য উদ্ঘাটনৰ বাবে খটখটী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












