![]()
তাৰালাংছ’ৰ পৰা ছাইদুল ইছলাম
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু অন্যতম জনজাতীয় কাৰবি যুৱ মহোৎসৱৰ কাৰবি লোক-কৃষ্টি, সংস্কৃতিৰ অমিয় সুৱাস বিলাবলৈ ন-কইণাৰ দৰে সাজি পাৰি ওলাইছে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তীৰ কাৰবি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷ প্ৰতি বছৰৰ দৰে এই বছৰো অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীলৈ পুণৰ আৰম্ভ হ’বলগীয়া ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱটি ক’ভিড কালীন বাধা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত মহোৎসৱটিৰ সময় পিছুৱাই ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ নিৰ্দ্ধাৰণ কৰা হৈছে ৷ এইলৈ যুৱ মহোৎসৱটিৰ আয়োজকসকলে মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত তুলিছে ৷
৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰবি জাতীয় জীৱনৰ সোপান আৰু ডেকা-গাভৰুৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ ‘কাৰবি যুৱ মহোৎসৱ’ক প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি ল’বলৈ উদগ্ৰীৱ হৈ পৰিছে ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ উদযাপন সমিতিয়ে ৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মন পৰশা উতলা ফাগুণৰ সেমেকা বতাহত তাৰলাংচৰ বাকৰিত উদ্ভাসিত হ’ব কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাস৷ জিলাখনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তাসকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাসগৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে ( আচেথাই) মঞ্চসমূহ বিভিন্ন আলোক সজ্জা আৰু ৰঙ- তুলিকাৰে ন- কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷
১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিকভাবে অনুষ্ঠিত হৈ অহা যুৱ-মহোৎসৱটিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ আৰু পুৰণি যুৱ-মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে৷ এইবাৰ যুৱ মহোৎসৱটিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰবি নথেংপি (স্থায়ী প্ৰাসাদ)৷ আৰু বৃহতৰ এলেকাজুৰি শিশুসকলৰ বিনোদনৰ বাবে টয় ট্ৰেইন আৰু ইক’ পাৰ্ক অন্যতম ৷ কাৰবি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰই আমাক দিয়া এক সাক্ষাতকাৰত জনায় যে, ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তাসকলে দিনে-নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷ ১ কোটি ৫০ লাখ টকাৰ বাজেটলৈ উদযাপন কৰিবলগীয়া ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱত এইবাৰ বুদ্ধিজীৱিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ৷ অৰুণাচল, মেঘালয়, কাছাৰ, কামৰূপ, নগাওঁ আদিৰ পৰা প্ৰায় ৫ সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে মায়া নগৰীলৈ ৰূপান্তৰিত হব তাৰালাংচৰ বাকৰি ৷ ইয়াৰোপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰিব বুলি কয় ৷
ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এক কোটি টকাৰ অনুদান আগবঢ়াইছে বুলি কোৱাৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ৩০টা বিভাগৰ কৰ্মচাৰীসকলৰ এদিনৰ বেছিক পে’ মহোৎসৱলৈ প্ৰদান কৰিব ৷ কেচিএছৰ পূৰ্বৰ ২৫টা জ’নেলৰ বিপৰীতে এইবাৰ ৩০ জ’নেলে অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে কেচিএছৰ সভাপতিগৰাকীয়ে ৷
যুৱ মহোৎসৱটিৰ উদ্ধোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব কেচিএছ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৷ ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে বুলি জনাইছে ৷ কাৰবি যুৱ মহোৎসৱৰ বাবে ইতিমধ্যে গ্ৰীক আৰ্হিত নিৰ্মিত লং মিৰ্জেং আচেথাই (মঞ্চ), চিং মিৰজেং আচেথাই, ছেমছনচিং আচেথাই (মঞ্চ)ও আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷ মাঞ্জালৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফালৰি কাটি ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱ থলীলৈ যাবলগীয়া ৪ লেনযুক্ত সমগ্ৰ পথছোৱাৰ বাবে সৌৰচাকী, ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হৈছে প্ৰশংসনীয় ৷ ইয়াৰোপৰি যাঁন-জট নিয়ন্ত্ৰণ কৰিবলৈ উদ্যোক্তাসকলে স্বেচ্ছাসেৱীসকলক উচিত প্ৰশিক্ষণ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷












