![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত উচ্চ শিক্ষাৰ সুদীৰ্ঘ কাল ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে গৌৰৱোজ্জল ৫০টা বছৰ অতিক্ৰম কৰিছে ৷ সেই উপলক্ষে আজিৰে পৰা আড়ম্বৰপূৰ্ণভাবে বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰা হৈছে ৷
আজি পুৱা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰামচ্ং তেৰাঙে পতাকা উত্তোলন কৰাৰ পিছতে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী আৰু প্ৰক্তন ছাত্ৰ-ছাত্ৰীসকলে গৌৰৱোজ্জল ৫০টা পতাকা উত্তোলনত সহযোগ কৰে ৷
ইয়াৰ পিছত ক্ৰমে, স্মৃতি তৰ্পন কৰে ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পুণিৰাম শইকীয়াই, সোণালী জয়ন্তী বৰ্ষৰ শিলা উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, কবি পাৰি ৰংপিয়ে ৷ ইয়াৰ পিছতে দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষা নীতিৰ ‘প্ৰত্যাশা’ শীৰ্ষক আলোচনা চক্ৰৰ শুভ উন্মোচন কৰিব কৰে কাৰবি আংলং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বীৰেণছিং ইংতিয়ে ৷
ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হিৰণ্য শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনিত ডিফু বিএড মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা স্বৰ্ণালী গগৈ ৰয়ে আৰু বুনিয়াদী প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ ধনছিং তিমুঙ বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ বিয়লি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা হয় ৷












