![]()
তাৰালাংচৰ পৰা কামৰুল খান:
কাৰবি যুৱক- যুৱতীৰ নৃত্য লয়লাস ভংগীমাত আজি বৰ্ণময় হৈ পৰে তাৰালাংচৰ বাকৰি ৷ পিনি, পেককৰ খমখমনিত ৰজনজনাই উঠিছে চৌদিশ ৷ ইয়াৰ মাজতে আজি কাৰবি ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ দ্বিতীয় দিনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা কাৰবি যুৱ মহোৎসৱ থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি-সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰবি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ ৷
জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু,আংনি, পুৰুষৰ গাত চইক’ চয়াং, তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই কাৰবি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন থলীত উপস্থিত হয়৷
সাংস্কৃতিক শোভাযাত্ৰাটিৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত কাৰবি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ উদ্ধোধন কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি সাংসদ হৰেণছিং বে’ লগতে পৰিষদৰ ইএম আৰু এমএচিসকলে ক্ৰমে শ্বহীদ তৰ্পন কৰাৰ লগতে কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৷
কাৰ্যসূচীৰ প্ৰাৰম্ভনিতে কাৰবি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ দুপৰীয়াৰ ভাগত কাৰবি সাংস্কৃতিক প্ৰকল্পত নিৰ্মিত গ্ৰীক আৰ্হিৰ মঞ্চসমূহ উদ্ধোধন কৰাৰ পিছতে বিভিন্ন পৰাম্পৰাগত প্ৰতিযোগিতাসমূহ আৰম্ভ হয়৷ সন্ধিয়া ৬ বজাৰ পৰা বিভিন্ন নৃত্যৰ লগতে নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷
আনহাতে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীলৈ চলিবলগীয়া ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰটি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে পলমকৈ ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ আজি দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি মঙলবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হ’ল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ।
কাৰ্বি ৰজা ৰামছিং ৰংহাং, ডুমৰা ৰজা হলিছিং ৰংহাং, বৰেণ্য কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণছিং বে, কাৰ্বি আংলঙৰ বিধায়ক বিদ্যাচ্ং ইংলেঙ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহীসকলৰ লগতে আন আন বহু বিশিষ্ট ব্যক্তিৰ উপস্থিততিত আৰু ৫ সহস্ৰাধিক লোক শিল্পীৰ সন্মুখত মহোৎসৱটিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্য অতিথি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল। নৱ-ৰূপত প্ৰাণ পাই উঠিছে উঠিছে ডিফুৰ তাৰালাংছ’ৰ বাকৰি। কাৰ্বি কালচাৰেল ছচাইটিৰ উদ্যোগত প্ৰতি বছৰে ১৫ৰ পৰা ১৯ফেব্ৰুৱাৰী লৈ এই তাৰালাংছ’তে অনুষ্ঠিত হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ। যদিও ক’ভিডৰ বাবে যোৱাবছৰ এই উৎসৱ অনুষ্ঠিত হোৱা নাছিল ৷
উত্তৰ-পূৱ ভাৰতৰ পুৰণি যুৱ মহোৎসৱটিয়ে ইতিমধ্যে গৰকিছে ৪৮টা গৌৰৱোজ্জ্বল বৰ্ষ। আজিৰ কাৰ্যসূচীসমূহ তদাৰক কৰে কেচিএছৰ সাধাৰক সম্পাদক বিদ্যাছিং ৰংপিয়ে ৷ অৰুণাচল, মেঘালয়, কাছাৰ, গুৱাহাটী, বিশ্বনাথ চাৰিআলি আদি ভিন্ন স্থানৰ লগতে কাৰ্বি আংলঙৰ কাৰ্বি কালছাৰেল ছচাইটিৰ অতি কমেও ৩০টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে। ৫ হাজাৰ লোক শিল্পীৰ সমাৱেশেৰে মুখৰিত হৈ থাকিব কাৰ্বি যুৱ মহোৎসৱ। আনুষ্ঠানিক শুভাৰম্ভৰ পিছতে মহোৎসৱটিৰ আটাকেইখন মঞ্চতে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয়।
ইয়াৰোপৰি ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱস্থলীত এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে উদ্যোক্তাসকলে হেলিকাপ্তাৰেৰে উৎসৱ চোৱাৰ ব্যৱস্থা কৰিছে ইচ্ছুক দৰ্শনাৰ্থীয়ে মাছুল পৰিশোধ কৰি হেলিকাপ্তাৰেৰে ওপৰেৰে যুৱ মহোৎসৱটি উপভোগ কৰাৰ ব্যৱস্থা কৰিছে ৷












