![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং-নাগালেণ্ড সীমান্তঞ্চলৰ খটখটীত বৃহৎ পৰিমাণৰ নিচাযুক্ত কফ চিৰাপ আৰু কেপচুলসহ এজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত খটখটীয়ে আৰক্ষীয়ে খটখটী এছবি আইৰ ওচৰত AS03BC 6195 পঞ্জীয়ন নম্বৰৰ এখন আল্ট্ৰা বাছত তালাচী চলাই বাছখনৰ পৰা ৯৯ NCOD CM কফ চিৰাপৰ লগতে ৬০টা পেকেট (২৪ টাকৈ মুঠ ১৪৪০)টা কেপচুল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত নাগালেণ্ড উখা জিলাৰ ইনাখু ইয়াপথুৰ পুত্ৰ আকাতু ইয়াপথু (২৫)ক আটক কৰিবলৈ সক্ষম হৈছে ৷ উদ্ধাৰ হোৱা ড্ৰাগছখিনি বোকাজান মহকুমাধিপতি জন দাসৰ উপস্থিতিত জব্দ কৰা হৈছে ৷












