![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে সৰবৰাহকাৰীসকলে ৷ আজি পুৱা গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত সংগীয় ষ্টাফসহ ধনশিৰি ৰে’লৱে ক্ৰচিং গেটৰ ওচৰত তালাচী চলাই বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গাঞ্জাখিনি লৈ তিনিটা সৰবৰাহকাৰী ডিমাপুৰৰ পৰা ৰে’ল পথেৰে খোজ কাঢ়ি আহি থকা সময়ত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী কেইটাই ৷ সৰবৰাহকাৰী তিনিটা এখন অট’ৰিক্সা বুক কৰি থকা অৱস্থাতেই আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী তিনিটাক ৷
সৰবৰাহকাৰীৰ তিনিটাৰ কৱলৰ পৰা আৰক্ষীয়ে প্ৰায় ২৭ কেজি গাঞ্জা জব্দ কৰে ৷ গাঞ্জাখিনিৰ সৈতে ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে, হোজাই জিলাৰ লংকাৰ লংকা পট্টিৰ আব্দুল ৰহমানৰ পুত্ৰ ছিৰাজুল ইছলাম (৫৭), লংকা লংকশ্ৰী গ্ৰাণ্টৰ নাৰায়ণ ৰক্ষীৰ পুত্ৰ গৌতম ৰক্ষী (৪৪), ৰবিনি ঘোষৰ পুত্ৰ নিৰ্মল ঘোষ (৫৫) আৰু বামুণ গাঁৱৰ সপন মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷












