![]()
ছাইদুল ইছলাম
ডিফু : ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱত অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰ পিছত দেওবাৰে পুৱা ডিফুস্থিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৰকাৰী বাংলোত এক বিশেষ সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিক বিভিন্ন প্ৰশ্নৰ উত্তৰ দি কয় যে, বৰপেটাত ৫ জনকৈ জেহাদিক ধৰা কাৰ্য অসম আৰক্ষীৰ বাবে এক বৃহৎ সফলতা ৷ অসম আৰক্ষীয়ে জেহাদীক কৰা জেৰাত অসমত কেইবাটাও জেহাদী গ্ৰুপ সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰিছে বুলি কয় ৷ ভৱিষ্যতে অসমত জেহাদী আৰু মৌলবাদী সংগঠনৰ এনে তৎপৰতাই অসমলৈ অশনি সংকেত বহন কৰিছে ৷ সেয়ে জেহাদীসকলৰ তেনে কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষী সচেষ্ট হৈ থাকিব ৷ ইউক্ৰেইনত আৱদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা যতপৰোনাস্তি চেষ্টা চলাই থকা হৈছেল বুলি কয় ৷ অসমৰ বিভিন্ন স্থানত চৰকাৰী কাৰ্যালয় বিভিন্ন চৰকাৰী ভূমিত বেদখল হৈছে সেইবোৰ ক্ৰমান্বয়ে বেদখল মুক্ত কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷
বিহু সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৭ দিনৰ ভিতৰত বিহু পাতিব লাগিব বুলি কোৱা কথাষাৰ তেওঁ অস্বকাৰ কৰে ৷ কেৱল প্ৰথম ৭ দিনত অনুষ্ঠিত কৰা ১৯০০ বিহু সমিতিলৈ ডেৰলাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব বুলি ৷ বাকী গোটেই বছৰটো বিহু পাতি থাকিলেও তেওঁৰ আপত্তি নাই বুলি কয় ৷ নিৰ্বাচন সন্দৰ্ভত মন্তব্যৰ পৰা বিৰত থাকি তেওঁ কয় যে ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটদান কৰক৷ শান্তি চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনসমূহক ৰাজনৈতিকভাবে সংস্থাপন কৰাৰ দায়িত্ব ৰাজনৈত্ক দলসমূহৰ, এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এতো ক’বলগীয়া নাই বুলি কয় ৷
কাৰবি যুৱ মহোৎসৱৰ ঐতিহ্য কলা, কৃষ্টি সংস্কৃতিত যাতে পশ্চিমীয়া সংস্কৃত প্ৰৱেশ নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ আহ্বান জনায় ৷ মহোৎসৱস্থলীৰ আন্তঃগাঁথনিৰ বহু উন্নতি হৈছে এই সন্দৰ্ভত অসম চৰকাৰেও এতিয়াৰে পৰা দৃষ্টি ৰাখিব বুলি কৈ মহোৎসৱটিৰ ৰাজ্যিক কেলেণ্ডাৰত অন্তৰ্ভূক্তকৰণৰ বাবে পৰিকল্পনা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সৱে মিলি অসমৰ বিশ্বৰ বৰসভাৰ লগত চামিল হ’বলৈ আহ্বান জনায় ৷
আনহাতে কাৰবি আংলঙত অসমৰ বিভিন্ন জিলাৰ তুলনাত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে ৷ সেয়ে কাৰবি আংলং এক প্ৰকাৰ ছুপাৰ ষ্টেটলৈ পৰিণত হৈছে ৷












