![]()
কামৰুল খান
ডিফু : যোৱা ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈকে চলা ৫ দিনীয়া কাৰ্যসূচীলৈ তাৰালাংচত জনগোষ্ঠীয় নৃত্য-সংগীতেৰে মুখৰিত হৈ থকা ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱটিৰ যোৱা নিশা সফল সফল সামৰণি পৰে ৷ প্ৰায় লক্ষাধিক দৰ্শকেৰে আজি পুৱা চাৰি বজালৈ লোকে লোকাৰণ্য হৈ পৰে কাৰবি লোক কৃষ্টি-সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাচ ৷ জিলাখনৰ কাৰবি কালচাৰেল ছ’চাইটিৰ ৩২টা জ’নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু শিলচৰ প্ৰতিনিধি শিল্পীসকলে চাৰিটাকৈ বিশাল মুকলি মঞ্চত প্ৰতিদিনেই নৃত্য-গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে ৷ সহস্ৰাধিক যুৱক-যুৱতী শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিবেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে ৫টা দিন ধৰি ৰসাল কৰি তোলা ৪৪ সংখ্যক কাৰবি যুৱ মহোৎসৱ আজি প্ৰাণোচঞ্চল কাৰবি যুৱক-যুৱতীৰ নৃত্য ছন্দেৰেই যৱনিকা পৰে ৷
৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহসমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰবি, ডিমাচা, গাৰ’ ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷ যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাবে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প ,ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্যগীতে দৰ্শকসকলক পাচোঁটা দিন আত্ম বিভোৰ কৰি ৰাখে ৷ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কাৰবিআংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুৰ পৰা তাৰালাংচলৈ মাৰাথান দৌৰ, দিনটো বিভিন মঞ্চত নৃত্য, ক্ৰীড়া, চুটি গল্প লিখন , আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া চিং মিৰজেং আচেতাই (মঞ্চত) ৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ ক্ৰমে সভাপতি-সম্পাদক আৰু সদস্যসকলক কেচিএছৰ দ্বাৰা সম্বাৰ্ধনা, জ্ঞাপন কৰে ৷
সামৰণি অনুষ্ঠানত হেলিকাপ্তাৰযোগে আহি ৷ সামৰণি অনুষ্ঠানত সাংসদ হৰেণছিং বে’ তিনি বিধায়ক ক্ৰমে, বিদ্যাছিং ইংলেং, ৰূপছিং টিচ’, দৰচিং ৰংহাঙ উপস্থিত থাকে ৷ অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা , পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাই কয়যে, কেন্দ্ৰীয় চৰকাৰৰ , ৰাজ্য চৰকাৰৰ সৈতে কাৰবি ছয় বিদ্ৰোহী সংগঠন সমূহৰ সৈতে হোৱা শান্তিচুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ’ব ৷ অসমৰ ভিতৰতে কাৰবি আংলঙৰ ভূখণ্ড এক উন্নয়ণৰ ভূখণ্ড বুলি কয় ৷ কাৰব জাতিক অসমৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে এক উন্নয়নশীল জাতিৰূপে প্ৰতিষ্ঠা কৰা হব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কাৰবি আংলঙত নিৰ্মান হোৱা সামগ্ৰীৰ উচিৎ বজাৰ মূল্যৰ পোৱাৰ ব্যৱস্থা কৰা হব লগতে কাৰবি যুৱক-যুৱতী সকলক অৰ্গেনিক কৃষিৰ লগত জড়িত হবলৈ আহ্বান জনায় ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰবি সকলৰ পৰিচয় সভ্যতা সংস্কৃতি আৰু হেমফুৰ লগত ৷ কাৰবি আংলঙৰ অপৰূপ সৌন্দৰ্য আৰু মনমোহা পৰিৱেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী ৷ কাৰবি আংলঙত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়যে, কাৰবি আংলং, ডিমা হাচাও আৰু বড়োলেণ্ডত একালত আতংকময় পৰিৱেশ আছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বৰ্তমান উক্ত অঞ্চল সমূহত বিদ্ৰুোহী সদস্য সকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিছে ৷
৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকাপ্তাৰ যোগে লাংহিনত অনুষ্ঠিত সদৌ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ অধিৱেশনত অংশ গ্ৰহণ কৰি বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইয়াৰ পিছত পুণৰ ক্ৰমে, ডিফুৰ তাৰালাংচ হেলিপেড, ন থেংপি, ডিফু, মাটিপুঙৰ নৱনিৰ্মিত টাউন হল ৷ বিৰলা অসম ৰাইফলছৰ ওচৰৰ জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন আৰু তাৰালাংচত মিউজিয়ামৰ শুভ উদ্ধোধন কৰে ৷ কাৰবি পিপুলচ হল তাৰালাংচত কাৰবি লোক কৃষ্টি আৰু সংস্কৃতিৰ বিকাশ আৰু সংবৰ্ধনৰ বিশেষ ব্যৱস্থাই পৰ্যটক সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি সচেতন মহলে ক’ব খোজে ৷ আনহাতে আজি কেম্প ফায়াৰৰ পিছত যুৱক-যুৱতীসকলে অশ্ৰুসিক্ত নয়নেৰে ঘৰমুৱা হয় ৷












