ছাইদুল ইছলাম
ডিফু : চোৰাং কাঠৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ সময়তে যোৱানিশা বকলীয়াঘাটত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত যোৱা নিশা কাৰ্বি আংলং জিলা বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে হোজাই-কাৰ্বি আংলং সীমান্তৱৰ্তী মাগুৰমাৰী এলেকাত এম্বুশ্ব কৰে।
এনে সময়তে নিশা দহ বজাত হোজাই জিলা অভিমূখে চোৰাং কাঠ বোজাই কৰি গৈ থকা অৱস্থাত বনকৰ্মীৰ দলটোৱে এএছ-02-চি-5325 নম্বৰৰ টাটা মোবাইলখন জব্দ কৰিবলৈ সক্ষম হয়। টাটা মোবাইলখনৰ পৰা বনকৰ্মীৰ দলটোৱে প্ৰায় 60 চিএফটি পৰিমাণৰ লালি, কৰৈ আদি মূল্যবান গছৰ বাতাম জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কমেও প্ৰায় অৰ্ধ লক্ষাধিক টকা বুলি জানিব পৰা যায়। নিশাই জব্দ হোৱা কাঠসহ টাটা মোবাইলখন বন বিভাগৰ বকলীয়াঘাটস্থিত কাৰ্যালয়লৈ অনা হয়।
আনহাতে, আন্ধাৰত সুযোগ লৈ চোৰাং কাঠৰ সৰবৰাহকাৰীকেইটা পলাই সাৰিবলৈ সক্ষম হয়।












