![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতে বিভিন্ন অগ্ৰণি মহিলা সংগঠনে আন্ত্ৰাজিতিক নাৰী দিৱসটি উদযাপন কৰে ৷ এই উপলক্ষে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত তথা ডিফু কণ্যা মহাবিদ্যালয়ৰ সহযোগত ডিফু কন্যা মহাবিদ্যালয় আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ৷ মহাবিদ্যালয়ৰখনৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাৰী দিৱসটি পালন কৰা হয় ৷ সভাত ডিফু ন্যায়িক আদালতৰ অধিবক্তা তথা ডিএলএছএৰ আইনী অধিবক্তা ৰশ্মিৰেখে ভড়ালী সমল ব্যক্তি হিছাপে উপস্থিত থাকে ৷ ডিএলএছএৰ সহকাৰী সহায়ক দিপাঞ্জলী দাসে আঁতধৰা সভাখনত ডিফু কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষা নিলোফা বেগম আৰু অধিবক্তা ৰশ্মি ভড়ালীয়ে নাৰী সুৰক্ষা আৰু অধিকাৰৰ সন্দৰ্ভত বিস্তৃত ভাবে মনোজ্ঞ বাখ্যা আগবঢ়ায় ৷
সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অধিবক্তা ৰশ্মি ভড়ালীয়ে কয় যে, এইবাৰৰ আন্তৰ্জাতিক দিৱসৰ ‘থীম’ ‘এক সুস্থিৰ ভৱিষ্যতৰ বাবে আজিয়েই লিংগ সমানতা আনো’ৰ ওপৰত সভাত আলোচনা কৰা হৈছে ৷ নাৰী আজিও পুৰুষৰ সমান অধিকাৰ পোৱাৰ পৰা উপেক্ষিত হৈ আছে ৷ পুৰুষৰ সৈতে নাৰীৰ সমান অধিকাৰ এতিয়ালৈকে সমাজত প্ৰতিষ্ঠা কৰিব পৰা নাই ৷ অধিবক্তাগৰাকীয়ে আজিৰ সভাত উপস্থিত ছাত্ৰীসকলক নাৰী সুৰক্ষা, আইনী অধিকাৰ আৰু শিশু আইন আদিৰ ওপৰত আভাষ দিয়া বুলি কয় ৷ বিশেষকৈ মহিলা নিৰ্যাতন, ঘৰুৱা হিংসা, শালীনতা হানি, ধৰ্ষণ আদিৰ ক্ষেত্ৰত মহিলাসকলে কেনেদৰে সাহসেৰে আইনৰ দ্বাৰস্থহৈ নিজৰ অধিকাৰ সাব্যস্থ কৰিব পাৰে সেই সন্দৰ্ভতো জ্ঞান দিয়া বুলি মন্তব্য কৰে ৰশ্মি ভড়ালীয়ে ৷ মহিলাসকলে এনেবোৰ সমস্যাত পৰিলে জিলা আইন সেৱা প্ৰাধিকৰণ তথা সংশ্লিষ্ট বিভাগত আইনী সাহায্যৰ বাবে দ্বাৰস্থ হোৱাৰ আহ্বান জনায় ৷












