![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : কেন্দ্ৰীয় চৰকাৰে ৮ মাৰ্চত আন্তজাৰ্তিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দেশৰ ১৩টা চি এল এফক বিজ্ঞান ভৱনত প্ৰদান কৰিব আত্মনিৰ্ভৰ সন্হা বঁটা ৷ অসমৰ পৰা এই বছৰ এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে কাৰবি আংলং জিলাৰ ধনশিৰি চি এল এফ ৷ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য উন্নয়ন বিভাগে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাত আগভাগ লোৱা চি এল এফৰ নাম আৰু তেওঁলোকে পাঁচ বছৰ কৰা কামৰ খতিয়ান আহৱান কৰিছিল ৷ অসমৰ পৰা বিভাগটোৱে তিনিচুকীয়াৰ এটা চি এল এফ আৰু কাৰবি আংলং ধনশিৰি চি এল এফক নিৰ্বাচন কৰিছিল৷ আত্মনিৰ্ভৰ সন্হা বঁটা লাভ কৰা দেশৰ ১৩টা চি এল এফৰ ভিতৰত কৰ্ণাটকৰ ২টা, টেলেংগানাৰ ২টা, ছত্তীশগড়, ৰাজস্থান, পশ্চিম বংগ, ত্ৰিপুৰা, পড়ুচেৰী, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ এটাকৈ চি এল এফক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে ৷

এই বঁটা লাভৰ খবৰ পোৱাৰ পিছতে ধনশিৰি চি এল এফৰ মহিলাসকল উৎফুল্লিত হৈ পৰে ৷ চি এল এফৰ সভানেত্ৰী আৰু সম্পাদিকা মুকুতা হোজাইছা আৰু ৰীতা থাপাই কয় যে ২০ বছৰ ধৰি আমি কাৰবি আংলং জিলাৰ এই পিছপৰা এলেকাটোৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে ২২০টা আত্মসহায়ক গোট গঠন কৰি কাম কৰি আহিছিলো ৷ ডিমাছা, কাৰবি, নেপালী, আদিবাসী, কুকি, গাৰো, বঙালীকে ধৰি সকলো মহিলাৰ আত্মসহায়ক গোট আমাৰ লগত আছে ৷ এই মহিলাসকলে আন্তৰিকতাৰে কৰা কামৰ ফল আৰু এন আৰ এল এম, ডি আৰ ডি এ, বেংক সকলোৰে সহযোগৰ বাবে আজি এই সফলতা লাভ কৰা বুলি কৈ সকলোকে কৃতজ্ঞতা জনায় ৷
আনহাতে ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক শশীকান্ত তিমুঙে এয়া কাৰবি আংলঙৰ বাবে অসমৰ বাবে ভাল খবৰ বুলি কয় ৷ তেওঁ কয় যে এই চি এল এফৰ অধীনত বছৰি অতি কমেও মহিলাসকলে ২ কোটি টকাৰ লেনদেন কৰে ৷ এইটো চি এল এফৰ ৫০০ গৰাকীৰ অধিক মহিলা এতিয়া লাখপতি ৷ তেওঁ এই বঁটা প্ৰাপ্তিৰ বাবে মহিলাসকলৰ কৰ্ম উদ্যমৰ শলাগ লয়৷













