![]()
ছাইদুল ইছলাম:
ডিফু : অসম নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইনসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰ পম খেদি বুধবাৰে বিয়লি বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক আতিকুৰ ৰহমানৰ সহযোগত বোকাজান আৰু খটখটী আৰক্ষী, চিআৰপিএফ আৰু কামাণ্ডো বাহিনীৰ এটা যুটীয়া দলে খটখটীৰ হোটেল ‘ড্ৰীম স্কাইৰ’ সন্মুখত অভিযান চলাই ১৯টা চাবোনৰ বাকচত ভৰাই পথেৰে খোজকাঢ়ি আনি থকা অৱস্থাত ২৪০.১৫ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷
হেৰইনখিনিৰ লগত আৰক্ষীয়ে ডবকাৰ চৈয়দ আহমেদ (২৬) সৰবৰাহকাৰীটোক জালত পেলাবলৈ সক্ষম হয় ৷ ধৃত চৈয়দে খটখটীৰ লাহৰিজানত অস্থায়ীভাৱে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছিল ৷
ড্ৰাগছখিনি সৰবৰাহৰ বাবে আজি পুৱা ৮ বজাৰ পৰাই বোকাজান মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে খাপ পিটি আছিল বুলি জানিব পৰা গৈছে ৷ জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷













