![]()
ছাইদুল ইছলাম
ডিফু : যোৱা সোমবাৰে গুৱাহাটীৰ সাতগাঁও থানাত এজাহাৰ দিবলৈ আহি থানাখনৰ অ’চিৰ দ্বাৰা এগৰাকী কাৰ্যবাহী দণ্ডাধীশ শাৰীৰিকভাবে অপদস্থ হোৱা ঘটনাকলৈ তীব্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি কাৰবি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ত উক্ত বিষয়কলৈ কাৰ্যবাহী দণ্ডাধীশসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাতে গাতে প্লে-কাৰ্ডলৈ মৌন প্ৰতিবাদ সাব্যস্থ কৰা পৰিলক্ষিত হয় ৷ এচিএছ বিষয়াসকলে বিতৰ্কিত অ’চি ‘ডিছমিছ প্ৰাণজিত লহকৰ, আই ষ্টেণ্ড উউথ বিভাষ মেধি এচিএছ’ সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সদৰ মহকুমাধিপতি মনিকা বৰাই সাংবাদিকৰ আগত কয় যে, এখন থানাত আৰক্ষীৰ দ্বাৰা অপহৃত কাৰ্য গৰিহনাৰ যোগ্য ৷ থানাত এনে কাৰ্য হ’ব নালাগে ৷ থানাত কেৱল এচিএছ বিষয়াই নহয় সাধাৰণ ৰাইজেও নিৰাপত্তা পাব লাগে ৷
উল্লেখযোগ্য যে, মহানগৰীৰ সাতগাঁও থানাত সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। অভিযোগ অনুসৰি, নুনমাটি গোপাল নগৰ নিবাসী দক্ষিণ শালমৰাৰ কাৰ্যবাহী দণ্ডাধীশ হোৱাৰ উপৰিও এগৰাকী নিৰ্বাচনী বিষয়া হিচাপে কৰ্মৰত বিভাষ মেধিয়ে সোমবাৰে দিনৰ প্ৰায় ৩ বজাত থানাখনত উপস্থিত হয় ৷ কিয়নো কিছুদিনৰ পৰা সাতগাঁও থানাৰ অন্তৰ্গত দলবাৰীৰ কোনো অচিনাক্ত লোকে ফোনযোগে দণ্ডাধীশগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল ৷ যাৰ সন্দৰ্ভত সাতগাঁও থানাত এক গোচৰ দিয়াৰ উদ্দেশ্যে সোমবাৰে থানাত উপস্থিত হৈছিল দণ্ডাধীশগৰাকী।












