![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাকক্ষণত জিলাখনৰ আঞ্চলিক দল এপিএইছএলচি আৰু এএছডিচিৰ মাজত ফাঁট মেলিছে ৷ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত আঞ্চলিক ভাৱাপন্ন শক্তিসমূহে ঐক্যবদ্ধভাবে যুঁজদি শাসকীয় বিজেপিক পৰাভূত কৰাৰ কুঁচ-কাৱাজ অব্যাহত ৰখাৰ সময়তে নিৰ্বাচনৰ দিন ঘোষণাৰ কিছুদিন বাকী থকাৰ মুহূৰ্তত জিলাখনৰ বিৰোধী শক্তিৰ মাজত বিভাজন স্পষ্ট হৈ পৰিছে ৷
আজি কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত এএছডিচি দলে আয়োজন কৰা এক সংবাদমেলত জিলাখনৰ এনে এক ৰাজনৈতিক দৃশ্যপট দেখিবলৈ পোৱা গৈছে ৷ এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি কয় যে, অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেঞ্চ চমুকৈ এপিএইছএলচি দলৰ সভাপতি জন ইংতি কাথাৰে অলপতে সাংবাদিকৰে হোৱা বাৰ্তালাপত পাহাৰীয়া ৰাজনীতিত এএছডিচি দল নেহোৱা হৈ যোৱা বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ এপিএইছএলিচি দলৰ সভাপতিগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এএছডিচি দলৰ সভাপতি চন্দ্ৰ কান্ত তেৰাঙে এয়া জন ইংতি কাথাৰৰ দ্বাৰা এক অপপ্ৰচাৰ বুলি অভিহিত কৰে ৷ অসমক দ্বি-খণ্ডিত নকৰাকৈ এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত সংগ্ৰাম চলাই অহা এএছডিচি দল এটা পঞ্জীয়নকৃত দল বুলি নিজা স্থিতি স্পষ্ট কৰি কয় যে, সমাগত নিৰ্বাচনত সমভাৱাপন্ন শক্তিসমূহক একত্ৰিত কৰি জেচিচিপি শীৰ্ষক এক মঞ্চ গঠন কৰি বিজেপিৰ বিৰুদ্ধ যুঁজ দিয়াৰ প্ৰস্তুতি চলাইছে ৷ এপিএইছএলচিকো ঐক্য মঞ্চত যোগদানৰ বাবে এএছডিচিৰ তৰফৰ পৰা আহ্বান জনোৱা হেছিল ৷ যদিও যোৱা আগষ্ট মাহত এপিএইছএলচিয়ে উক্ত মঞ্চত যোগদানৰ ক্ষেত্ৰত অনিহা প্ৰকাশ কৰে ৷
উক্ত মঞ্চৰ আধাৰতে এএছডিচিয়ে সমাগত নিৰ্বাচনত ৰাইজৰ কাষ চপাৰ প্ৰস্তুতি চলাই আহিছে যদিও এপিএইছএলচিৰ সভাপতি গৰাকীয়ে জেচিচিপি এক অৰাজনৈতিক সংগঠন বুলি অভিহিত কৰি এএছডিচি দল ইয়াতে বিলীন হোৱা বুলি অপপ্ৰচাৰ চলোৱা বুলি উত্থাপন কৰে ৷
অৱশ্যে সকলো দলৰ বাবে এতিয়াও মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে এএছডিচি সভাপতিগৰাকীয়ে জন ইংতি কাথাৰৰ মন্তব্যৰ আঁৰৰ উদ্দেশ্যৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে ৷












