![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰা হয় ৷ ইয়াৰোপৰি বোকাজান আদালততো লোক আদালত অনুষ্ঠিত হৈ যায় ৷ অপৰাধমূলক, দেৱানী, মটৰ দুৰ্ঘটনা জনিত গোছৰৰ লগতে এপিডিচিএল, বিএছএনএল, ষ্টেট বেংক অফ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেঙ্ক, চেণ্ট্ৰেল বেঙ্ক ইণ্ডিয়া, নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেঙ্ক ডিফুৰ পূৰ্বৰ ঋণ সম্পৰ্কীয় গোছৰসমূহ আজিৰ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয় বুলি ডিএলএছএৰ সচিব নাগিব আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷
সচিবগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি আজিৰ লোক আদালতত মুঠ ২১৩টা গোছৰ নিষ্পত্তি কৰা হয় ৷ ইয়াৰে মুঠ ৬০১টা আদালতৰ আৰু মটৰ দুৰ্ঘটনা জনিত গোছৰৰ ভিতৰত ১৩১টা গোছৰৰ নিষ্পত্তিকৰণ, বেংক, এপিডিচিএল আৰু বিএছএনএলৰ পূৰ্বৰ ঋণজনিত মুঠ ১৪০১টা গোছৰৰ ঠাইত ৮২টা গোছৰৰ নিষ্পত্তিকৰণ কৰা হয় ৷
জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে লোক আদালতত অংশগ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ মামলাসমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায় ৷ অংশগ্ৰহণকাৰীসকলেও পূৰ্ণ সঁহাৰি জনাই জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক উচ্চ প্ৰশংসা কৰে ৷বিত্তীয় প্ৰতিষ্ঠানসমূহে পূৰ্বৰ ঋণ হিচাপে উক্ত লোক আদালতৰ জৰিয়তে ২৮,২৮,৪৮৬ টকা সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ৷











