![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত বিশ্ব গ্ৰাহক অধিকাৰ দিৱসকলৈ এক সজাগতা সভা অনুষ্ঠিত হয় যায় ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু অল হীলছ ট্ৰাইবচ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ সহযোগত গ্ৰেটাৰ বজাৰ কমিটিৰ ডিফুৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সজাগতা সভাখন ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিফু ন্যায়িক আদালতৰ অধিবক্তা ৰশ্মি ভড়ালী আৰু সোনম স্বামী ৷ দুয়োগৰাকী বক্তাই উপস্থিত দৰ্শকক গ্ৰাহকসকলৰ আইনগত অধিকাৰৰ দিশসমূহৰ ওপৰত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় ৷ অধিবক্তা সুমন স্বামীয়ে নিজৰ ভাষণত কয় যে, বিক্ৰেতাই গ্ৰাহকসকলক বিক্ৰিজাত বস্তুৰ গুণগত দিশটো ভালদৰে বুজাই দিব লাগিব, এইটো গ্ৰাহকৰ অধিকাৰ ৷ গ্ৰাহকে বস্তু কিনাৰ সময়ত সচেতন ৰোৱাটো বাঞ্চনীয় ৷
অধিবক্তা ৰশ্মি ভড়ালীয়ে নিজৰ বহুমূলীয়া ভাষণত কয় যে, ক’ভিডকালীন পৰিস্থিতিৰ বাবে নগদ বিহীন লেনদেনৰ আৰম্ভ হৈছিল আৰু বিভিন্ন ডিজিটেল এপৰ ৷ ডিজিটেল বিত্তীয় এপসমূহ ব্যৱহাৰ কৰোতে গ্ৰাহকসকল সজাগ হ’ব লাগে যাতে প্ৰৱঞ্চকৰ দ্বাৰা প্ৰতাৰিত নহয় ৷ তেওঁ গ্ৰাহকৰ অধিকাৰৰ বিশেষত্বসমূহ সহজ ভাষাৰে উপস্থিত দৰ্শকসকলক বুজাই দিয়ে ৷ গ্ৰাহকসকলৰ বুনিয়াদি সহায়ৰ বাবে নিকটতম সংশ্লিষ্ট আদালতৰ দ্বাৰস্থ হ’ব লাগে বুলি জনায় ৷ ইয়াৰো সজাগতা সভাত উপস্থিত থকা অধিবক্তাদ্বয়ে গ্ৰাহকসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান দিয়ে ৷
আজিৰ সজাগতা সভাত অল হিলছ ট্ৰাইবছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ বিৰতন টেৰণ, সচিব জন টেণ্ডন বে আৰু বিত্তীয় সচিব ৰাংচিনা বে উপস্থিত থাকে৷












