![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : সদৌ কাৰবি আংলং জিলা চৰকাৰী গাওঁবুঢ়া সন্থাৰ সভাপতি তথা বিশিষ্ট লেখক চিকাৰী তিচ’ৰ জ্ঞান ভঁড়ালৰ পৰা কাৰবি সাহিত্য জগতত সংযোজন হ’ল আন এক নতুন গ্ৰন্থ ৷ আজি সদৌ কাৰবি আংলং চৰকাৰী গাওঁবুঢ়া সন্থাৰ ডিফুস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ সভাত কাৰবি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই উন্মোচন কৰে চিকাৰী তিচ’ৰ নৱতম গ্ৰন্থ “লুম্বাজং জুতাং আলুথুই’ নামৰ গ্ৰন্থখন ৷

ৱফং আছাৰ লংচিং বে’ই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ৱাইছং চে হংথমৰ সাধাৰণ সম্পাদক জেনছন ৰংহাঙে ৷ উন্মোচনী সভাখনত কেচিএছৰ প্ৰতিষ্ঠাপক লুনছিং তিমুঙ, কেএলএৰ সভাপতি হুকুৰছিং ৰংপি আৰু কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী গাওঁবুঢ়াসকল উপস্থিত থাকে ৷













