![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ ধনশিৰি থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ নগাঁও বস্তিৰ পৰা বিগত ৫ দিন ধৰি দুই সহোদৰ ভাতৃ শিশু নিৰুদ্দিষ্ট হৈ থকাৰ এক বাতৰি পোহৰলৈ আহিছে ৷ শিশু দুটিৰ পিতৃ নগাঁও বস্তিৰ ইছাহাক আলীৰ পুত্ৰ শুকুৰ আলী (১১)বছৰ আৰু মুশ্বাহিদুল আলী (৭) বছৰ বুলি জানিব পৰা গৈছে ৷ শিশু দুটিৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি শিশু দুটি যোৱা ১১ মাৰ্চ শুকুৰবাৰে বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি ঘৰলৈ অহাৰ পিছত ওচৰতে খেলিবলৈ যায় ৷
তাৰ পিছৰ পৰাই শিশু দুটি নিৰুদ্দেশ হৈ পৰে ৷ আত্মীয়স্বজন আৰু চাৰিওফালে বিচাৰ-খুচাৰ কৰিও শিশু দুটিৰ একো সন্ধান উলিয়াব পৰা নাই ৷ শিশু দুটি নিৰুদ্দেশ হোৱাত শিশু দুটিৰ পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে ধনশিৰি আৰক্ষী চকীত নিৰুদ্দেশ জাননী দিছে বুলি সাংবাদিকক জানিবলৈ দিছে ৷ কোনো সদাশয় ব্যক্তিয়ে শিশু দুটিৰ সন্ধান পালে পৰিয়ালৰ লোকৰ 6009617252 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে ।












