![]()
১৪ বছৰীয়া এজন নির্যাতিত বালকক তেওঁৰ পিতৃ-মাতৃৰ কাষলৈ পুনৰ পঠাবলৈ শিশু কল্যাণ কমিটিক (চিডব্লিউচি) নির্দেশ দিলে কেৰালা হাইকোর্টে। আদালতে জনাইছে, যি আতঙ্কৰ মাজেৰে নাবালকজনে দিন পাৰ কৰিছে, তাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হৈ উঠাৰ বাবেই তেওঁক তেওঁৰ পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠোৱা উচিত।
১৪ বছৰীয়া বালকজন নৱম শ্রেণীত পঢ়ে। বিগত ফেব্রুয়াৱাৰীত তেওঁৰ এগৰাকী সম্পর্কীয় বায়েকে তেওঁৰ ওপৰত যৌন নির্যাতন কৰা বুলি অভিযোগ। ২২ বছৰীয়া যুৱতীগৰাকীক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু ঘটনাৰ পিছৰ পৰা চিডব্লিউচিৰ অধীনত এটি হোমত ৰাখা হৈছিল ল’ৰাজনক।
যোৱা ১৬ মার্চত পুত্ৰক নিজৰ লগত ৰখাৰ বাবে আবেদন জনায় নির্যাতিতৰ পিতৃ-মাতৃয়ে। কিন্তু তদন্তত ব্যাঘাত ঘটিব পাৰে বুলি ল’ৰাজনক নিজৰ ঘৰলৈ যাব দিয়া নাছিল চিডব্লিউচিয়ে। ইয়াৰ পিছতেই হাইকোর্টৰ দ্বাৰস্থ হয় তেওঁৰ অভিভাৱক।
আদালতে জনাইছে, ইতিমধ্যে অভিযুক্ত যুৱতীগৰাকীৰ বিৰুদ্ধে পকসোসহ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰেছে আৰক্ষীয়ে। যুৱতীগৰাকীক গ্রেপ্তাৰো কৰা হৈছে।













