ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ৰবীন্দ্ৰ নাথ গোস্বামীৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গই প্ৰদান কৰি অহা কৃতী শিক্ষাৰ্থীৰ বঁটা শনিবাৰে প্ৰদান কৰা হয়। গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ৰবীন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেখেতৰ সহধৰ্মিণী জয়া গোস্বামীয়ে। প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাজেন্দ্ৰ নাথ বৰাই। ইয়াৰ পিছতে এখনি সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক উপেন দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে প্ৰয়াত ৰবীন্দ্ৰ নাথ গোস্বামীৰ পৰিয়ালৰ লোক, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰুপমা ৰাজখোৱা, নিৰ্মলা খাউণ্ড , তৃপ্তি গোস্বামী, জ্যেষ্ঠ শিক্ষক বিষ্ণু প্ৰসাদ সন্দিকৈকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ উপাধ্যক্ষ যতীন শৰ্মাই। উক্ত সভাতে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী সকলক ৰবীন্দ্ৰ নাথ গোস্বামীৰ স্মৃতিত প্ৰৱৰ্তন কৰা বঁটা প্ৰদান কৰা হয়। লগতে বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলকো বঁটা প্ৰদান কৰা হয়।













