ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ধনশিৰি মহকুমাৰ সীমান্তৱৰ্তী চুঙাজান এম ভি গাঁও পঞ্চায়তে। শুক্ৰবাৰে এম ভি গাঁও পঞ্চায়তৰ উদ্যোগত আৰু ভাৰতীয় ৰেডক্ৰছ ছচাইটি ধনশিৰি শাখাৰ সহযোগত বিশেভাবে সক্ষম লোকলৈ সম্বৰ্ধনা অনুষ্ঠান এটি আয়োজন কৰে।
সমাজ কৰ্মী চন্দ্ৰ লহকৰৰ সভাপতিত্বত আয়োজন কৰা অনুষ্ঠানটিত উপস্থিত থাকে গোলাঘাট জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া, ধনশিৰি মহকুমা সীমান্ত দণ্ডাধীক, খণ্ড উন্নয়ন বিষয়া, A আৰু B চেক্টৰ কামাণ্ডাৰ আৰু ৰেডক্ৰছ ছচাইটিৰ বিষয়ববীয়া সকলকে প্ৰমূখ্য কৰি বিশিষ্ট ব্যক্তি সকল। এই অনুষ্ঠানৰ জৰিয়তে প্ৰায় ১০০ জন বিশেষ ভাবে সক্ষম লোকক সম্বৰ্ধনা জনোৱাৰ উপৰি ৰেডক্ৰছ ছচাইটিৰ সহযোগত কিছু সামগ্ৰী প্ৰদান কৰে।
সম্বৰ্ধনাৰ এই মহান মুহূৰ্তত আৱেগিক হৈ পৰে উপস্থিত ৰাইজ। অসম নগালেণ্ড সীমান্তৱৰ্তী নানা সমস্যাৰে জৰ্জৰিত চুঙাজান অঞ্চলৰ এম ভি পঞ্চায়ত কৰ্মীসকলৰ মহানুভাৱতাৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে ভূয়শী প্ৰশংসা কৰে৷ এই অনুষ্ঠাৰ জৰিয়তে ৰাইজে এই লোক সকলৰ বাবে চৰকাৰী ভাৱে যি আঁচনি বা সুবিধা আছে তাৰ পৰা যাতে বঞ্চিত নহয় এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়৷













