ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰিছে গোলাঘাট জাতীয় বিদ্যালয় বঁটা৷
পোনপ্ৰথমবাৰৰ বাবে এই বঁটা সাহিত্যিক, গোলাঘাটৰ সু-সন্তান অৰূপা পটঙ্গীয়া কলিতাক প্ৰদান কৰা হ’ব বুলি বিদ্যালয় তৰফৰ পৰা জানিবলৈ দিছে৷
শিক্ষানুষ্ঠান খনে প্ৰতি বছৰে অসমৰ ভাষা ,সাহিত্য ,সংস্কৃতিলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অহা ২৭ অক্টোবৰৰ পুৱা ১০-৩০ বজাত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত অনুস্থিত হ’ব লগা বঁটা প্ৰদান অনুস্থানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব৷
তদুপলক্ষে ৰাইজৰ উপস্থিতি কামনা কৰিছে বিদ্যালয় পৰিয়ালে। উল্লেখযোগ্য যে বঁটা প্ৰাপক গৰাকীক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচৰা সকলে ৯৮৫৪১-১৫০৮৭, ৭০০২৪-০৪২৬৮ আৰু ৮৬৩৮৪-৯৬১০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।













