![]()
ধর্মীয় অনুষ্ঠানক লৈ তুমুল হিংসাত্মক ঘটনা সংঘটিত হৈছে দিল্লীৰ জাহাঙ্গিৰপুৰীত। তেনে পৰিস্থিতিত নতুন নির্দেশনা জাৰি কৰিলে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে। সন্মুখত ঈদ আৰু অক্ষয় তৃতীয়া আৰু দুয়োটাই একে দিনাই পৰিছে। সেয়ে গণ্ডগোল সৃষ্টিৰ আশঙ্কা কৰিছে যোগী প্রশাসনে। তাৰ বাবে আগতীয়াকৈ কিছু নির্দেশ দিলে মুখ্যমন্ত্রীয়ে।
নির্দেশনা অনুযায়ী, যথাযথ অনুমতি অবিহনে কোনো ধর্মীয় সমদল বা পদযাত্রা উলিয়াব নোৱাৰিব। অনুমতি লাভ কৰিবলৈ হ’লে প্রত্যেক আয়োজকেই শপতনামা দিব লাগিব। শান্তি আৰু সংহতি ৰক্ষা কৰাৰ প্রতিশ্রুতি দিব লাগিব শপতনামাত। ইমান দিনে চলি অহা প্রথাগত ধর্মীয় অনুষ্ঠানবোৰৰহে অনুমতি পাব, নতুন কোনো অনুষ্ঠানৰ অনুমতি নাপায়।

যিবোৰ স্থানত পূৰ্বৰ পৰাই লাউডস্পিকাৰ বাজি আছে, তাত কেৱল লাউডস্পিকাৰ ব্যৱহাৰৰহে অনুমতি পাব। কিন্তু সেই ক্ষেত্রতো ভলিউম এনেকৈ ৰাখিব লাগিব যাতে অন্যৰ অসুবিধা নহয়। আনহাতে, নির্বাচিত স্থানতহে ধর্মীয় অনুষ্ঠান কৰিব পাৰিব৷ এইটো চাব লাগিব যাতে ক’তো যেন পথ বন্ধ নহয়।










