ASSAM TIMES POST
গোঁসাইগাঁওঃ যোৱা ২৭ ছেপ্টেম্বৰত কোকৰাঝাৰৰ ছেৰফাংগুৰিৰপৰা অচিনাক্ত দুবৃৰ্ত্তৰদ্বাৰা প্ৰদীপ শীল নামৰ এগৰাকী ব্যৱসায়ীক অপহৰণৰ ১৭ দিন পাৰ হোৱাৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে ১৪ অক্টোবৰত বন্ধ ঘোষণা কৰিছে আৰু এই বন্ধলৈ পূৰ্ণ সমৰ্থন জনাইছে সদৌ বিটিচি বাঙালী যুৱ-ছাত্র ফেডাৰেচনে।
এই ঘটনা সম্পৰ্কত বিটিচি তথা অসম চৰকাৰৰ নীৰৱতাক ইতিমধ্যে বিভিন্ন পক্ষই একেমুখে ধিক্কাৰ জনাইছে৷ সোমবাৰৰ বন্ধলৈ সদৌ বিটিচি বাঙালী যুৱ-ছাত্র ফেডাৰেচনে পূৰ্ণ সমৰ্থন জনোৱাৰ কথা সংবাদমেলযোগে সদৰী কৰে ইয়াৰ গোঁসাইগাঁও জিলা সমিতিৰ সভাপতি কমল ঘোষে৷
উল্লেখ্য যে উক্ত বন্ধৰপৰা জৰুৰীকালীন সেৱা সমূহ যেনে পানী যোগান, বিদ্যালয়, গাখীৰ যোগান, এম্বুলেঞ্চ আদিক ৰেহাই দিয়া হৈছে৷ সংবাদমেলত ফেডাৰেচনৰ গোঁসাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক সজল দে আৰু গোঁসাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি বিমেলন্দু দাস, সঞ্জীৱ কুমাৰ সাহা, অম্বিকা দেবনাথৰ লগতে সংগঠনটোৰ কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে৷













