ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ ৰজাবাৰীত আৰু লখৌজানত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়৷ আজি পুৱাতে লখৌজানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দূৰ্ঘটনাত গুৱাহাটীৰ হায়ট চিকিৎসালয়ৰ এখন এম্বুলেঞ্চে অতুল পাল (৫৫) নামৰ এজন পথাচাৰীক মহতিয়াই নিয়ে৷
এম্বুলেঞ্চৰ খুন্দাত পথৰ পৰা দলঙৰ তলত চিটিকি পৰে অতুল পাল৷ পাছত এম্বুলেঞ্চেৰে আহত অতুল পালক গুৱাহাটীলৈ নিয়াৰ পথত আমনিতে শেষ নিঃশ্বাস ত্যাগ কৰে অতুল পালে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অতুল পালে মৃত্যুৰ সময়ত পত্নী, চাৰি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। দ্বিতীয়তো ঘটনা সমীপৰে ৰজাবাৰীত সংঘটিত হয়৷
এই শোকাবহ পথ দুৰ্ঘটনাত ৰূপজ্যোতি বৰা নামৰ এজন যুৱক নিহত হয়৷ ৰাষ্ট্ৰীয় পথেৰে আহি থকা গেছ কঢ়িওৱা ট্ৰেংকাৰৰ সৈতে ৰজাবাৰীতে হোৱা সংঘৰ্ষৰ বাবেই এন এল ০২ ই ১৭৯৪ নম্বৰৰ মটৰ চাইকেল আৰোহী যুৱকজন এ এছ ০১ এ চি ২২৮২ নম্বৰৰ ট্ৰেভেলাৰ এখনৰ তলত সোমাই পৰে ৷
ঘটনাৰ পাছতেই আহত ৰূপজ্যোতি বৰাক বোকাখাত অসামৰিক চিকিৎসালয়লৈ অনাৰ পাছতেই শেষ নিঃশ্বাস ত্যাগ কৰে যুৱকজনে৷ জনপ্ৰিয় যুৱক ৰূপজ্যোতি বৰা (১৮) ৰজাবাৰীৰে বীৰেন বৰাৰ এক মাত্ৰ পুত্ৰ আছিল। এক কিলোমিটাৰ ব্যবধানত দুটাকৈ মৃত্যুৰ শোকাবহ ঘটনাই অঞ্চলটিত শোকৰ ছাঁ পেলাইছে।