ASSAM TIMES POST
নগাঁও: বৰ্তমানৰ পৰা আপোনাৰ যদি মবাইল হেৰাই নাইবা চুৰি হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ কেবাটাও গুৰুত্বপূৰ্ণ সুবিধা থকা এটা নতুন মবাইল এপ বজাৰলৈ আহিছে।
এক নিৰ্দিষ্ট ধনৰ বিনিময়ত আপুনিও প্লে’ ষ্টৰ যোগে ডাউনলোড কৰিব পাৰিব এ টি এম টি/ATMT( Anti Theft Mobile Tracker) নামৰ এপটো।
আজি নগাঁও চহৰৰ সমীপৰ জাচিংফা ৰিজৰ্টত আয়োজিত এক অনুষ্ঠানত এই মবাইল এপটো আনুষ্ঠানিক ভাৱে আজি মুকলি কৰে আৰোছ গ্ৰুপৰ অধীনস্থ এ টি এম টি ৰ পৰিচালন সঞ্চালক দিপাঙ্কৰ গেৰাঙে।
তেওঁ এপটো মুকলি কৰি দিয়া ভাষণত কয় যে এ টি এম টি নামৰ এই এপটোৰ জৰিয়তে গ্ৰাহক ৰাইজে মবাইল চোৰ, মবাইল হেৰুৱা স্থান, মবাইল এৰি অহা স্থান বা মবাইলৰ অৱস্থিতি, মহিলা সুৰক্ষা আদি সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।
উক্ত অনুষ্ঠানত অসম ৰাজ্যিক মানৱ অধিকাৰ আইনৰ সভাপতি হৰেশ্বৰ শইকীয়া, এ টি এম টি বিষয়া নিলম চালকাৰ আদিয়ে অংশগ্ৰহণ কৰে।