![]()
দিল্লীৰ জাহাঙ্গিৰপুৰীত সম্প্ৰতি সংঘটিত হিংসাত্মক ঘটনাত অভিযুক্ত আনচাৰ শ্বেখৰ সৈতে বিজেপি নেতাৰ যোগাযোগৰ প্রমাণ দিলে তৃণমূল কংগ্ৰেছে।
মন্ত্রী পার্থ চেতাৰ্জী, ইন্দ্রনীল সেন, সুজিত বসুৰ লগতে দলৰ শ্রমিক সংগঠনৰ নেতা ঋতব্রত বেনাৰ্জীয়ে দিল্লীত বিজেপিৰ বিভিন্ন কাৰ্যসূচীত আনচাৰৰ উপস্থিতিৰ ছবি টুইট কৰিছে।
ইন্দ্রনীলে টুইটাৰত লিখিছে, ‘আনচাৰহঁতক আশ্রয় দিয়ে বিজেপিয়ে। মোদী-শ্বাহ যুটিক সন্তুষ্ট কৰিবলৈ কেনেদৰে আৱর্জনা চপোৱা হয়, তলৰ ছবিবোৰত সেয়া স্পষ্ট।’













