
কেমেৰা দেখুওৱাৰ নামত প্রতিবেশী নাবালিকাক ঘৰলৈ মাতি আনি উচ্চস্বৰত গান বজাই গণধর্ষণৰ চেষ্টাৰ অভিযোগ উঠিল এগৰাকী মহিলা, তেওঁৰ পুত্ৰসহ আৰু এজন যুৱক আৰু এজন নাবালকৰ বিৰুদ্ধে। উত্তৰ ২৪ পৰগনাৰ গাইঘাটা থানাৰ অধীনত এই ঘটনাটি ঘটে। ঘটনাটিত নাবালিকাগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে অভিযুক্ত মহিলাসহ তিনিজনক গ্রেপ্তাৰ কৰা হৈছে। অভিযুক্ত মহিলাগৰাকী স্থানীয় বিজেপি নেত্রী।
অভিযোগ অনুসৰি নির্যাতিতা নাবালিকাগৰাকীক কেমেৰা দেখুওৱাৰ নামত ঘৰলৈ মাতি আনি ধর্ষণৰ চেষ্টা কৰে যুৱকজনৰ সৈতে নাবালকজনে। ঘটনাটোৰ সময়ত অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰই বাহিৰত পহৰা দিয়া বুলি অভিযোগ। নাবালিকাগৰাকীৰ পিতৃৰ অভিযোগ, বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত জীয়ৰীক ঘৰত দেখা নাপাই তেওঁ বাহিৰলৈ গৈ বিচাৰ-খোচাৰ কৰে।
প্রতিবেশী মহলিগৰাকীৰ ঘৰৰ বাহিৰত তেওঁক আৰু পুত্ৰক থিয় হৈ থকা দেখি তেওঁলোকক সোধে৷ কিন্তু তেওঁলোকৰ কথাত বিসঙ্গতি ধৰা পৰে। তেওঁ লগতে জনায় যে মহিলাগৰাকীৰ ঘৰৰ ভিতৰৰ পৰা উচ্চস্বৰত গান বজাৰ কাৰণে তেওঁৰ সন্দেহ হয়।
ইয়াৰ পিছত তেওঁ ঘৰত সোমাই গৈ দেখে যে তেওঁৰ জীয়ৰীক ধর্ষণৰ চেষ্টা কৰিছে অভিযুক্ত যুৱকজন আৰু নাবালকজনে। তেওঁৰ অভিযোগৰ ভিত্তিতে গ্রেপ্তাৰ কৰা হয় মহিলাগৰাকী, তেওঁৰ পুত্ৰ আৰু বাকী দুই অভিযুক্তক।











