ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত: আমাজ’নৰ বিধ্বংসী অগ্নিকাণ্ড লগতে পৰিৱেশ ধ্বংসৰ এই ভয়াৱহতাৰ সময়তে বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ কেইজনমান ডেকা আগবাঢ়ি আহিছে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে।
যি সময়ত যুৱপ্ৰজন্মক বাৰে বাৰে দোষাৰোপ কৰি আছে, যি সময়তে যুৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে বুলি সকলোৰে মুখে মুখে শুনা গৈছে তেনে সময়তে বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ বকুলতলৰ কেইজন মান ডেকাই “সঁজাল” নামেৰে এক অনুষ্ঠান গঢ়ি তুলি পৰিৱেশ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে।

ঘৰে প্ৰতি দুই তিনিটাকৈ বাঁহ তুলি, নিজে ঘেৰা সাজি, গছপুলি তুলি “গছপুলি ৰোপণ আৰু প্ৰতিপালন” কাৰ্যসূচী অনুষ্ঠিত কৰিছে। “সঁজাল”ৰ প্ৰথমটো অনুষ্ঠান সঁজালৰ একান্ত কষ্ট আৰু বকুলতলবাসীৰ সহযোগিতাত যোৱা ৫ তাৰিখে পুৱা ৯ বজাত সফলতাৰে হৈ যায়।
“সঁজাল”ৰ শুভাকাংক্ষী দুলাল বৰাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, পৰিৱেশ কৰ্মী যদু গোস্বামী, সমাজকৰ্মী আৰু বকুলতলৰ বয়োজ্যেষ্ঠ অকণ ৰাজখোৱা, বগাই পাঠক, সমাজকৰ্মী বলো বৰা, দীপক বৰা আৰু নাট্যকাৰ পবিত্ৰ ৰাজখোৱাকে প্ৰমূখ্য কৰি কুৰুৱাবহী সমূহ ৰাইজ।পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ উপকাৰিতা সম্পৰ্কে বুবুল দত্তৰ বক্তব্যই সকলোৰে মনত দুগুণ সজাগতাৰ ভাব জগাই তোলে।

বকুলতল নামঘৰৰ সন্মুখৰ পৰা পুলি সমূহ ৰোপণ কৰে। “সঁজাল”ৰ লক্ষ্য “ধৰণি ধুনীয়া কৰিম” প্ৰতিটো পুলিৰ পিতৃ হৈ সন্তানৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ দায়িত্বৰ লয় সঁজালৰ প্ৰতিজন সদস্যই। “সঁজাল”ৰ সদস্য সকল হ’ল প্ৰিয়াংশু প্ৰাঞ্জল, বিশ্বজ্যোতি শইকীয়া, প্ৰাঞ্জল পাঠক, ভাস্কৰ শইকীয়া, কৌশিক দত্ত, মানস শইকীয়া, সঞ্জীৱ শইকীয়া , নয়নমণি শইকীয়া, দেৱাকিশোৰ বৰা, গৌতম শইকীয়া, চিন্ময় বৰা আৰু দিপু শইকীয়া। স্থানীয় ৰাইজে এই সকল যুৱকৰ এই কাৰ্যৰ ভূয়সী প্ৰসংশা কৰিছে।













